বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি উভতাৰ পথত কৰুণ মৃত্যুক আকোৱালি লয় দুগৰাকী ভাৰতীয় পৰ্বতাৰোহীয়ে। দেশৰ আগশাৰীৰ নিউজ এজেন্সিয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি মৃত পৰ্বতাৰোহী দুজনক অৰুণ কুমাৰ তিৱাৰী আৰু সন্দীপ আৰে বুলি চিনাক্ত কৰা হৈছে।
নেপাল এক্সপেডিশ্যন অপাৰেটৰ্ছ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক ঋষি ভাণ্ডাৰীয়ে কয় যে শৃংগৰ পৰা নামি অহাৰ সময়ত দুয়োজন পৰ্বতাৰোহীয়ে অত্যন্ত ক্লান্ত হৈ পৰিছিল। তেওঁলোকৰ গাইডসকলে তেওঁলোকক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও তেওঁলোকক বচাব পৰা নাছিল।
ঋষি ভাণ্ডাৰীয়ে পিটিআইক জনোৱা মতে, বুধবাৰে সন্দীপ আৰেই এভাৰেষ্টৰ শিখৰত উপনীত হোৱা যেন লাগে, আনহাতে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত অৰুণ কুমাৰ তিৱাৰীয়ে শিখৰত উপনীত হয়। তেওঁ লগতে উল্লেখ কৰে যে গাইডসকলে ‘অতি কঠোৰ’ চেষ্টা কৰিছিল যদিও তেওঁলোকক বচাব পৰা নাছিল। বৃহস্পতিবাৰে মৃত্যু হয় সন্দীপ আৰেৰ। অৰুণ কুমাৰ তিৱাৰীৰ মৃত্যুৰ সঠিক তাৰিখ এতিয়াও স্পষ্ট হোৱা নাই।