Homeআন্তঃৰাষ্ট্ৰীয়পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ; বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱায় দিলে জাফৰ এক্সপ্ৰেছ, ৩০ জনৰ...

পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ; বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱায় দিলে জাফৰ এক্সপ্ৰেছ, ৩০ জনৰ মৃত্যু

বেলুচ লিবাৰেশ্যন আৰ্মীয়ে উৰুৱায় দিলে জাফৰ এক্সপ্ৰেছ, ৩০ জনৰ মৃত্যু

পাকিস্তানৰ কুৱেটাত দেওবাৰে সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। বেলুচ লিবাৰেশ্যন আৰ্মী (বিএলএ)ৰ মাজিদ ব্ৰিগেডৰ এগৰাকী আত্মঘাতী বোমাৰুৱে জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি ভয়ংকৰ বিস্ফোৰণ ঘটায়। বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ৰে’লৰ এটা ডবা সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।

এই আক্ৰমণত কমেও ৩০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে ৭০গৰাকীৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। ইয়াক পৰিকল্পিত আত্মঘাতী আক্ৰমণ বুলি অভিহিত কৰিছে নিৰাপত্তা সংস্থাই।

খবৰ অনুসৰি, কুৱেটা কেণ্টৰ পৰা সামৰিক জোৱান কঢ়িয়াই অনা জাফৰ এক্সপ্ৰেছ ৰে’লখন চামন গেটৰ সমীপত উপস্থিত হোৱাৰ লগতে আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ ঘটায়। এই শক্তিশালী বিস্ফোৰণৰ ফলত ঘটনাস্থলীৰ সমীপত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ৰে’লৱে ট্ৰেকৰ সমীপত থকা কেইবাটাও বাসগৃহ আৰু বহু বাহন জ্বলি চাৰখাৰ হয়।

বিস্ফোৰণৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় লোক, আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলত উপস্থিত হৈ ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলে আহত লোকসকলক ততাতয়াকৈ ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱায়। আহত লোকসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

সম্প্ৰতি নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আৰম্ভ কৰিছে তদন্ত। ইফালে পাকিস্তানৰ ৰে’ল মন্ত্ৰীয়ে এই বিস্ফোৰক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰো দেশবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments