জম্মু-কাশ্মীৰৰ বিখ্যাত গুলমাৰ্গ ৰোপ ৱে’ত হোৱা বিজুতিৰ ফলত আৱদ্ধ হৈ পৰিছে শতাধিক পৰ্যটক। খবৰ অনুসৰি প্ৰায় ৩০০ লোক আৱদ্ধ হৈ আছে ৰোপ ৱে’ কেবিনত। হঠাৎ ৰোপ ৱে’ৰ কেবিনবোৰ ৰৈ যোৱাৰ লগে লগে পৰ্যটকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়, য’ত সেনা, আৰক্ষী আৰু প্ৰশাসনৰ দল জড়িত হৈ পৰে।
মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই পৰিস্থিতি নিৰীক্ষণ কৰি থকা বুলি উল্লেখ কৰি আতংকিত হোৱাৰ কোনো প্রয়োজন নাই বুলি জনসাধাৰণক আশ্বাস প্ৰদান কৰে৷
প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰত বাধা
জানিব পৰা অনুসৰি বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে কিছু বাধাৰ। কাশ্মীৰত বিগত কিছুদিন ধৰি অব্যাহত আছে বৰষুণ আৰু শিলাবৃষ্টি। অৱশ্যে উদ্ধাৰকাৰী দলে কেইবা ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত অধিকাংশ পৰ্যটকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে কাৰিকৰী বিজুতিৰ বাবে গুলমাৰ্গ কেবল কাৰ সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়াৰ পিছত চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। সকলো কেবিন নিৰাপদ আৰু প্ৰশিক্ষিত দলে আৱদ্ধ পৰ্যটকক উদ্ধাৰৰ বাবে কাম কৰি আছে। তদুপৰি ঘটনাক লৈ আতংকিত হোৱাৰ কোনো প্রয়োজন নাই।