তামিলনাডুত পুনৰ এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে AIADMK। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছতে AIADMKৰ ভিতৰত আভ্যন্তৰীণ সংঘাতৰ খবৰ পোহৰলৈ আহিছিল। দলীয় বিসম্বাদৰ মাজতে আজি দলটোৰ তিনিজন বিধায়কে তামিলনাডু বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে। পদত্যাগ পত্ৰ দাখিল কৰা বিধায়ক কেইজন হৈছে এম কুমাৰভেল, পি সত্যবামা আৰু এছ জয়কুমাৰ।
আস্থা ভোটৰ সময়ত সমৰ্থন আগবঢ়াইছিল বিজয়ক
তামিলনাডু বিধানসভাৰ অধ্যক্ষ জেচিডি প্ৰভাকৰে তিনিওজন বিধায়কৰ পদত্যাগ গ্ৰহণ কৰিছে। AIADMKৰ পৰা পদত্যাগ কৰাৰ লগে লগে বিধায়ক তিনিগৰাকীয়ে বিজয় থালাপতি নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আধৱ অৰ্জুনক তেওঁৰ কাৰ্যালয়ত সাক্ষা কৰে।
উল্লেখ্য যে আস্থা ভোটদানৰ সময়ত দলীয় নির্দেশনা অমান্য কৰি টিভিকে চৰকাৰৰ সমর্থনত ভোট দিয়া ২৫জন বিধায়কৰ ভিতৰত এই তিনিজন বিধায়কো আছিল। ইয়াৰ লগে লগে তিনিওজন বিধায়কে দলৰ পৰা পদত্যাগ কৰিব বুলি জল্পনা-কল্পনা চলিছিল।
স্মৰ্তব্য যে এই তিনিজন বিধায়কে শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত AIADMK দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই তিনিওজন বিধায়কে শীঘ্ৰে বিজয় থালাপতি নেতৃত্বাধীন তামিলাগা ভেত্ৰী কাঝাগাম (টিভিকে)ত যোগদান কৰিব।