ৰান মেচিন বনাম প্লে অফৰ চাপ; ধৰ্মশালাত সলনি হ’ব নে কোহলীৰ নক-আউট ৰেকৰ্ড

Published:

মঙলবাৰে চলিত আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলপথৰত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। এই খেলখন ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। মেচখনত জয়ী হোৱা দলটোৱে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। বাংগালুৰু আৰু গুজৰাট দুয়োটা দলেই লীগ পৰ্যায়ত উন্নত প্ৰদৰ্শনেৰে ১৮ পইণ্টকৈ সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল।

শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য কৰিলে গুজৰাট টাইটানছৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি হৈছে বিৰাট কোহলী। চলিত ছিজনত কোহলীয়ে ১৪খন মেচত ১৬৩ ষ্ট্ৰাইক ৰেটৰ সহায়ত ৫৫৭ ৰান সংগ্ৰহ কৰিছে। প্ৰথম কোৱালিফায়াৰতো তেওঁৰ পৰা শক্তিশালী প্ৰদৰ্শনৰ আশা কৰিছে আৰ চি বিয়ে। অৱশ্যে আই পি এলত সৰ্বাধিক শতক অৰ্জনৰ অভিলেখ থকা কোহলীয়ে প্লে অফৰ খেলত প্ৰায়ে ব্যৰ্থ হোৱা দেখা যায়।

প্লে অফত দুৰ্বল প্ৰদৰ্শন কোহলীৰ

বিৰাটে এতিয়ালৈকে মুঠ ১৬খন প্লে অফ মেচ খেলি মাত্ৰ ৩৫৭ ৰানহে সংগ্ৰহ কৰিছে। প্লে অফৰ মেচত মাত্ৰ দুটা অৰ্ধশতক অৰ্জন কৰা কোহলীয়ে এবাৰ শূন্যতো পেভেলিয়নলৈ উভতিছে। আই পি এল ২০২৫ৰ প্ৰথমখন কোৱালিফায়াৰত পঞ্জাব কিংছৰ বিৰুদ্ধে কোহলীয়ে ৩৫টা বলত মাত্ৰ ৪৩ ৰান সংগ্ৰহ কৰিছিল।

গুজৰাটৰ বিৰুদ্ধে শক্তিশালী অভিলেখ

কিন্তু আৰ চি বিৰ বাবে সকাহৰ বিষয়টো এয়াই যে কোহলীৰ প্ৰিয় বলিং লাইনআপ হৈছে গুজৰাট টাইটানছ। আই পি এলত এতিয়ালৈকে গুজৰাটৰ বিৰুদ্ধে ৮টা ইনিংছত কোহলীয়ে ৭৬.৬৬ গড়ে ৪৬০ ৰান সংগ্ৰহ কৰিছে। কোহলীয়ে গুজৰাট টাইটানছৰ বিৰুদ্ধে এটা শতক আৰু চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে। অৰ্থাত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলপথাৰত নামিলেই বিৰাটৰ বেটৰ পৰা আহে দুৰ্দান্ত ইনিংছ।

POPULAR

RECENT ARTICLES

spot_img