দেশত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা অনুপ্ৰৱেশকাৰী সমস্যা প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলবাৰে দেশৰ গৃহ মন্ত্ৰালয়ে জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। এই সমিতিখনে অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত বিষয়সমূহ তদন্ত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ বৰ্ষৰ ১৫ আগষ্টত এই সমিতিখন গঠন কৰিব বুলি উল্লেখ কৰিছিল। মোদীৰ সেই প্ৰতিশ্ৰুতি অনুসৰি আজি গঠন কৰা হ’ল সমিতিখন।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যম এক্সৰ জৰিয়তে সমিতিখন গঠন কৰাৰ কথা ৰাজহুৱা কৰে। প্ৰাক্তন ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাভলেকাৰৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই উচ্চস্তৰীয় সমিতিখন।
এই সমিতিখনে দেশত বৃদ্ধি পোৱা অনুপ্ৰৱেশকাৰী সমস্যা আৰু আন আন অস্বাভাৱিক কাৰণত জনগাঁথনি পৰিৱৰ্তনৰ মূল্যায়নত সহায় কৰিব। শ্বাহে কয় যে অনুপ্ৰৱেশে ভাৰতৰ ভৱিষ্যতৰ প্ৰতি এক উল্লেখযোগ্য ভাবুকি কঢ়িয়াই আনিছে।
মঙলবাৰে অমিত শ্বাহে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে অনুপ্ৰৱেশ আৰু অন্যান্য কাৰকৰ বাবে হোৱা অস্বাভাৱিক জনগাঁথনিগত পৰিৱৰ্তনে যিকোনো জাতিৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতি এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৫ আগষ্টত এখন সমিতি ঘোষণা কৰিছিল। মই আপোনালোকক জনাবলৈ পাই সুখী যে চৰকাৰে এই সমিতি গঠন কৰিছে।
শ্বাহে নিজৰ প’ষ্টটোত উল্লেখ কৰে যে ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ নাভলেকাৰ (অৱসৰপ্ৰাপ্ত)ৰ অধ্যক্ষতাত গঠিত সমিতিখনত দুৰ্গা শংকৰ মিশ্ৰ (অৱসৰপ্ৰাপ্ত আই এ এছ), বালাজী শ্ৰীবাস্তৱ (অৱসৰপ্ৰাপ্ত আই পি এছ), আৰু ডা০ শমিকা ৰবিৰ সৈতে লোকপিয়ল আয়ুক্তক অন্তৰ্ভুক্ত কৰা হৈছে। এই সমিতিখনৰ সদস্য সচিব হ’ব গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (বিদেশী-I)।