শ্রীভূমি জিলাৰ আনিপুৰ অঞ্চলৰ এটা শিৱ মন্দিৰৰ প্ৰণামী বাকচৰ ওপৰত গৰুৰ কটা মূৰ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে কোনো দুষ্কৃতিকাৰীয়ে এই কাণ্ড কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাৰ বাবে যাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ নাযায় তাৰ বাবে বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।
ঈদ-উল-আজহাৰ পিছদিনা শ্রীভূমি জিলাৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আনিপুৰ সংলগ্ন বিষ্ণুপ্ৰিয়া মণিপুৰী অধ্যুষিত মদনপুৰ গাঁৱত এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, এটা শিৱ মন্দিৰৰ প্ৰণামী বাকচৰ ওপৰত গৰুৰ কটা মূৰ দেখা পোৱাৰ পিছতে অঞ্চলটোত এক চেপা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।
জানিব পৰা মতে, পুৱাৰ ভাগত গাঁওবাসীয়ে ঘটনাটো প্ৰত্যক্ষ কৰে। পিছত খবৰ দ্ৰুতগতিত বিয়পি পৰাত মন্দিৰ চৌহদত বহু লোকৰ সমাগম ঘটে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰামকৃষ্ণনগৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
কোনে কি উদ্দেশ্যেৰে এই ঘটনা সংঘটিত কৰিছে, সেই বিষয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে স্থানীয় লোকসকলৰ এটা অংশই অভিযোগ উত্থাপন কৰিছে যে অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ উদ্দেশ্যে কোনো অসাধু চক্ৰই এই ঘটনাৰ সৈতে জড়িত থাকিব পাৰে। ঘটনাৰ সৈতে জড়িত দোষীক চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে।






