আজিৰ পৰা আৰম্ভ হ’ব ফুটবল বিশ্বকাপ। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ দ্বাৰা আয়োজিত এইবাৰৰ ফুটবল মহাৰণত মুঠ ৪৮টা দলে অংশগ্ৰহণ কৰিব। বিশ্বকাপৰ উদ্বোধনী মেচখনৰ বাবে বিশ্বৰ কোটি-কোটি অনুৰাগী অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে ফিফাই ঘোষণা কৰিলে এইবাৰৰ পুৰস্কাৰৰ ধন।
এইবাৰৰ পুৰস্কাৰৰ ধন যোৱা বছৰৰ তুলনাত যথেষ্ট বেছি। ২০২২ চনত কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ তুলনাত এইবাৰ পুৰস্কাৰৰ ধন প্ৰায় ৫০ শতাংশ বৃদ্ধি পাইছে। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ পুৰস্কাৰৰ ধন ৬৫৫ মিলিয়ন ডলাৰ, যাৰ অৰ্থ হ’ল ভাৰতীয় টকাত ৬২৪১ কোটি টকা। ২০২২ চনৰ ফিফা বিশ্বকাপৰ পুৰস্কাৰৰ ধন আছিল ৪৪০ মিলিয়ন ডলাৰ।
উল্লেখ্য যে টি-২০ বিশ্বকাপৰ তুলনাত ফিফা বিশ্বকাপ ২০২৬ৰ পুৰস্কাৰৰ ধন প্ৰায় ৬০ গুণ বেছি। টি-২০ বিশ্বকাপ ২০২৬ৰ পুৰস্কাৰ ধন আছিল ১১.২৫ মিলিয়ন ডলাৰ। ইয়াৰে ভাৰতে লাভ কৰিছিল ২৪.২৮ কোটি টকা।
ফিফা বিশ্বকাপ ২০২৬ পুৰস্কাৰৰ ধন
চেম্পিয়ন দল – ৫০ মিলিয়ন ডলাৰ অৰ্থাত ৪৭৬ কোটি টকা
ৰানাৰ্ছ আপ – ৩৩ মিলিয়ন ডলাৰ অৰ্থাত ৩১৪ কোটি টকা
তৃতীয় স্থান – ২৯ মিলিয়ন ডলাৰ অৰ্থাত ২৭৬ কোটি টকা
চতুৰ্থ স্থান – ২৭ মিলিয়ন ডলাৰ, ২৫৭ কোটি টকা
কোৱাৰ্টাৰ ফাইনেল (৫ম-৮ম স্থান) – প্ৰতিটো দলৰ বাবে ১৯ মিলিয়ন ডলাৰ, ১৮১ কোটি টকা
১৬ ৰাউণ্ড (৯ম-১৬ নং স্থান) – প্ৰতিটো দলৰ বাবে ১৫ মিলিয়ন ডলাৰ, ১৪৩ কোটি টকা
৩২ ৰাউণ্ড (১৭-৩২ নং স্থান) – প্ৰতিটো দলৰ বাবে ১১ মিলিয়ন ডলাৰ, ১০৫ কোটি টকা
গ্ৰুপ ষ্টেজৰ পৰা বাহিৰ হোৱা (৩৩-৪৮ নং স্থান) – প্ৰতিটো দলৰ বাবে ৯ মিলিয়ন ডলাৰ, ৮৬ কোটি টকা






