তৃণমূল কংগ্ৰেছত অব্যাহত থকা বিসম্বাদৰ মাজতে এইবাৰ সাংসদ কল্যাণ বেনাৰ্জীয়েও বিসম্বাদী শিৱিৰৰ নেতা-কৰ্মীৰ দৰে একে সুৰত সুৰ মিলোৱা পৰিলক্ষিত হৈছে। তৃণমূলৰ সাংসদগৰাকীয়ে মমতা বেনাৰ্জীক একপ্ৰকাৰ শেষ সকীয়নি প্ৰদান কৰি কয়, ‘তেওঁ এইটো সিদ্ধান্ত ল’ব লাগিব যে তেওঁ অভিষেক বেনাৰ্জীক দলত ৰাখিব নে মোক।’
কল্যাণ বেনাৰ্জীয়ে অতি ক্ষোভ আৰু অসন্তুষ্টিৰে কয় যে অভিষেক বেনাৰ্জীৰ বাবে দল আজি দুভাগত বিভক্ত হৈছে। তেওঁৰ অত্যন্ত বেয়া ব্যৱহাৰৰ বাবে আজি দলে এই ক্ষতিৰ সন্মুখীন হৈছে।
মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠৰূপে পৰিচিত কল্যাণ বেনাৰ্জীয়ে কয়, ‘মই মমতা বেনাৰ্জীৰ সৈতে আছো, কিন্তু মমতা দিদিয়ে নিশ্চিত কৰিব লাগিব যে তেওঁ অভিষেকক ৰাখিব নে মোক। এই সিদ্ধান্ত মমতা দিদিয়ে প্ৰথমে ল’ব লাগিব। অভিষেক বেনাৰ্জীক বাদ দি দল চলাই যাব নোৱাৰো বুলি তেওঁ প্ৰথমে নিশ্চিত কৰিব লাগিব। ইয়াৰ পিছত মই দলত নাথাকো।’
কল্যাণ বেনাৰ্জীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূলৰ প্ৰাক্তন নেতা ৰিজু দত্তই। তেওঁ কয়, ‘কল্যাণ বেনাৰ্জীয়ে যি কথা কৈছে, সেয়া সকলোবোৰ নেতাই কৈ আছে।’ দত্তই লগতে অভিযোগ কৰি কয়, ‘অভিষেক বেনাৰ্জীয়ে দলৰ প্ৰতিগৰাকী নেতাকে বদনাম কৰিছে, এই কাৰণৰ বাবেই বহু নেতাই দল ত্যাগ কৰিছে। অভিষেক বেনাৰ্জীৰ এটাই কাম সেইটো হৈছে টকা। সেয়ে তৃণমূল আজি ধ্বংসৰ গৰাহত।’
উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে অত্য়ন্ত শোচনীয় প্ৰদৰ্শন কৰিছিল। এই ফলাফলৰ পিছৰে পৰা তৃণমূলত আৰম্ভ হৈছিল বিসম্বাদ। বিৰোধী দলপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিসম্বাদে অধিক গা কৰি উঠে দলটোৰ মাজত। অধিকাংশ শীৰ্ষ নেতা, বিধায়ক, সাংসদে অভিষেক বেনাৰ্জীক দোষাৰোপ কৰি দল ত্যাগ কৰাত এতিয়া শংকিত হৈ পৰিছে মমতা বেনাৰ্জী।






