‘আজি নিশা হ’ব ভয়ংকৰ আক্ৰমণ’, ইৰাণক সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

শান্তি আলোচনাৰ চৰ্চাৰ মাজতেই আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ এবাৰ আৰম্ভ হৈছে ভয়ংকৰ যুদ্ধৰ উকমুকনি। শেহতীয়াকৈ ইৰাণৰ তৰফৰ পৰা মাৰ্কিন সেনা ঘাটিত চলোৱা আক্ৰমণৰ প্ৰতিশোধত জ্বলি উঠিছে আমেৰিকা। দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক সকীয়নি প্ৰদান কৰি দেশখনে ভয়ংকৰ লোকচানৰ সন্মুখীন হ’ব বুলি ভাবুকি প্ৰদান কৰিছে।

ট্ৰাম্পে সামাজিক মাধ্যম ট্ৰুথৰ জৰিয়তে এটা প’ষ্টত লিখিছে, ‘আমেৰিকাই আজি নিশা ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিব।’ ট্ৰাম্পে লগতে দাবী কৰিছে যে ইৰাণৰ নেভী, এয়াৰফ’ৰ্ছ, ৰাডাৰ, এণ্টি এয়াৰক্ৰাফ্ট আৰু ডিফেন্সৰ সকলো ছিষ্টেম ধ্বংস হৈছে।

প’ষ্টত ট্ৰাম্পে লিখিছে, ‘অতি শীঘ্ৰে আমি খাৰ্গ দ্বীপ আৰু অন্যান্য তেল সম্পৰ্কীয় আন্তঃগাঁথনি দখল কৰি তেল আৰু গেছৰ বজাৰখন সম্পূৰ্ণ নিয়ন্ত্ৰণত লম, ঠিক যেনেকৈ আমি ভেনিজুৱেলাৰ সৈতে কৰিছিলো।’

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণৰ পিছৰে পৰা মধ্য প্ৰাচ্য অচল হৈ আছে। অৱশ্যে কেইবাবাৰো আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনাৰ চৰ্চা চলিছিল যদিও দুয়োখন দেশৰ শীৰ্ষ নেতৃত্বৰ মইমতালিৰ বাবে আলোচনা স্থবিৰ হৈছিল।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...