ফিফা বিশ্ব কাপ ২০২৬ আৰম্ভ হোৱাৰ সময়তে ফুটবল অনুৰাগীৰ বাবে আহিল এটা দুঃখবৰ। ব্ৰাজিলৰ বিশ্ব কাপ জয়ী দলৰ সদস্য তথা কিম্বদন্তী ফুটবলাৰ ব্ৰিটোৰ দেহাৱসান। ১৯৭০ ফিফা বিশ্ব কাপ জয়ী ব্ৰাজিল দলৰ সদস্য ব্ৰিটোৱে ৮৬ বছৰ বয়সত ইহলীলা সম্বৰন কৰে। ব্ৰাজিলিয়ান ফুটবল ফেডাৰেশ্যনে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি কয় যে ফুটবলাৰগৰাকী নিমোনিয়াত আক্ৰান্ত হৈ বিগত এসপ্তাহ ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছিল।
উল্লেখ্য যে, ব্ৰাজিলৰ অন্যতম মহান ডিফেণ্ডাৰ হিচাপে জনা যায় ব্ৰিটোক। ১৯৬৪ চনত ব্ৰাজিল দলত অভিষেক ঘটা ব্ৰিটোৱে একেৰাহে ৮ বছৰ নিজ দেশক প্ৰতিনিধিত্ব কৰিছিল।
এইগৰাকী মহান ফুটবলাৰৰ মৃত্যুত ব্ৰাজিলিয়ান ফুটবল ফেডাৰেশ্যনে দুখ প্ৰকাশ কৰি কয় যে ব্ৰাজিলৰ ফুটবল ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ডিফেণ্ডাৰ আছিল ব্ৰিটো আৰু ১৯৭০ চনৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। ব্ৰিটোৰ যুঁজাৰু মনোভাৱে আগন্তুক প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকিব।
১৯৩৯ চনৰ ৯ আগষ্টত ৰিঅ’ ডি জেনেৰ’ত জন্ম হৈছিল ব্ৰিটোৰ। ভাস্কো দা গামাৰ জৰিয়তে ক্লাব কেৰিয়াৰ আৰম্ভ কৰিছিল ব্ৰিটোৱে। ইয়াৰ পিছত তেওঁ ব্ৰাজিলৰ কেইবাটাও আগশাৰীৰ ক্লাবৰ হৈ খেলিছিল। ১৯৬৪ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত ব্ৰিটোৱে জাতীয় দলৰ হৈ ৬১খন খেল খেলিছিল। এই সময়ছোৱাত ব্ৰাজিলে ৪৫খন মেচত জয়লাভ কৰিছিল, ১১খন খেলত ড্ৰ’ হৈছিল আৰু মাত্ৰ পাঁচখন খেলত পৰাস্ত হৈছিল। বিশ্বকাপৰ উপৰি তেওঁ কোপা ৰ’কা আৰু টাচা ইণ্ডিপেণ্ডেন্সিয়া আদি খিতাপো লাভ কৰে।






