যোৰহাটত বায়ু সেনাৰ AN-32 বিমান দুৰ্ঘটনাগ্ৰস্ত, শ্বহীদ ৫ জোৱান

Published:

যোৰহাটৰ ৰৰৈয়াত সংঘটিত ভাৰতীয় বায়ু সেনাৰ AN-32 বিমান দুৰ্ঘটনাই শোকাহত কৰি তুলিছে সমগ্ৰ দেশক। এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ভাৰতীয় বায়ু সেনাৰ পাঁচগৰাকী সাহসী জোৱানে।

ভাৰতীয় বায়ু সেনাই এক বিবৃতিযোগে জনাইছে যে যোৰহাটত সংঘটিত AN-32 বিমান দুৰ্ঘটনাত স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত আৰু অগ্নিবীৰ বায়ু ডেনিছ আলমে প্ৰাণ হেৰুৱায়।

উল্লেখ্য যে, ভাৰতীয় বায়ু সেনাৰ বিমানখন দুপৰীয়া প্ৰায় ১১ মান বজাত যোৰহাট বায়ু সেনা ষ্টেচনত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয়। ঘটনাৰ পাছতে উদ্ধাৰ অভিযান চলোৱা হয় যদিও পাঁচগৰাকী বায়ু সেনা জোৱানক ৰক্ষা কৰিব পৰা নগ’ল। এই ঘটনাই ভাৰতীয় বায়ু সেনাৰ লগতে সমগ্ৰ দেশলৈ এক অপূৰণীয় ক্ষতি কঢ়িয়াই আনিছে।

ভাৰতীয় বায়ু সেনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে এই কঠিন সময়ত তেওঁলোকৰ সৈতে দৃঢ়ভাৱে থকাৰ আশ্বাস দিছে। সাহস আৰু কৰ্তব্যনিষ্ঠাৰ এক উজ্জ্বল নিদৰ্শন হৈ এই পাঁচগৰাকী বীৰ জোৱানৰ ত্যাগ দেশবাসীৰ হৃদয়ত চিৰস্মৰণীয় হৈ ৰ’ব বুলিও উল্লেখ কৰে।

POPULAR

RECENT ARTICLES

spot_img