TMCত বিভাজন… নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত বিলয় তৃণমূলৰ ২০ সাংসদ

দেশৰ ৰাজনীতিৰ বাবে ডাঙৰ খবৰ। তৃণমূল কংগ্ৰেছৰ ২০ গৰাকী বিসম্বাদী সাংসদে নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত চামিল হোৱাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ঘণ্টাজোৰা চলা বৈঠকৰ অন্তত এই ঘোষণা কৰে তৃণমূলৰ সাংসদ কাকলি ঘোষ দস্তীদাৰে।

দেওবাৰে ওম বিৰলাক সাক্ষাতৰ পিছত সাংসদ কাকলি ঘোষে কয়, ‘লোকসভাৰ ২০জন বিদ্ৰোহী TMC সাংসদে নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত চামিল হম। আমি শাসকীয় এনডিএ মিত্ৰজোঁটৰ প্ৰতি সমৰ্থন আগবঢ়াম। আমাৰ বাবে লোকসভাত পৃথকে বহাৰ ব্যৱস্থা কৰি দিবলৈও অধ্যক্ষ ওম বিৰলাক অনুৰোধ জনাইছো।’

কাকলি ঘোষৰ উপৰিও TMCৰ আন এজন বিদ্ৰোহী সাংসদ সুদীপ বন্দোপাধ্যায়ে তৃণমূলৰ নাম সন্দৰ্ভত তেওঁৰ দলটোৱে আইনৰ সহায় ল’ব বুলি ইংগিত দিছে। তেওঁ কয়, ‘আমি নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টীত যোগদান কৰিছো। ই এটা ৰাজনৈতিক দল। ই এটা স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দল। আমি এই দলৰ সৈতে চামিল হৈছো। আদালতে সিদ্ধান্ত ল’ব কোনটো প্ৰকৃত তৃণমূল।’

যদিহে অধ্য়ক্ষ ওম বিৰলাই তৃণমূলৰ এই বিসম্বাদী সাংসদসকলৰ সিদ্ধান্ত মানি লয় তেন্তে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ বাবে এয়া হ’ব এক বৃহৎ ৰাজনৈতিক ক্ষতি।

উল্লেখ্য যে, ১৯৯৮ চনত কংগ্ৰেছ দলৰ পৰা আঁতৰি আহি মমতা বেনাৰ্জীয়ে গঠন কৰিছিল তৃণমূল কংগ্ৰেছ। এই দল গঠনৰ প্ৰায় তিনি দশকৰ পিছত এইধৰণৰ বৃহৎ ক্ষতি বুলি অভিহিত কৰা হৈছে।

Similar Articles

Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে

0
‘উন্নত ভাৰত ২০৪৭’- কেৱল শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে... এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীৰ অঙ্গীকাৰ ‘উন্নত ভাৰত শ্লোগান নহয়, এয়া প্ৰতিশ্ৰুতিহে’ – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নিজৰ এক্স...