বিগত কেইবা মাহ ধৰি চলা ৰক্তাক্ত সংঘৰ্ষৰ অন্তত শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হ’ল বুজাবুজি চুক্তিত স্বাক্ষৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ মাজত ডিজিটেল মাধ্যমযোগে সম্পন্ন হয় চুক্তি স্বাক্ষৰ কাৰ্যসূচী। বিভিন্ন দেশৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই চুক্তিক ঐতিহাসিক আখ্যা দিয়াৰ পিছতেই এই সন্দৰ্ভত ইৰাণৰ পৰা আহিছে প্ৰথমটো প্ৰতিক্ৰিয়া।
ইৰাণৰ চৰকাৰী সংবাদ সংস্থা IRNAৰ তথ্য অনুসৰি ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘাইয়ে কয়, ‘দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰেৰে ইছলামাবাদ চুক্তিৰ খচৰা চূড়ান্ত কৰা হৈছে। এতিয়া এই চুক্তিখন প্ৰকৃততে কেনেদৰে কাৰ্যকৰী হয় সেয়া হ’ব লক্ষ্যণীয়।’
উল্লেখ্য যে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ উপস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি স্বাক্ষৰ কৰাৰ পিছতে বুধবাৰে ট্ৰাম্পে ইয়াক ঐতিহাসিক আখ্যা দিছিল। তেওঁ কৈছিল যে এই চুক্তিৰ ফলত অন্ত পৰিল সংঘৰ্ষৰ, পুনৰ মুকলি হ’ব হৰমুজ প্ৰণালী আৰু এইটো নিশ্চিত হ’ল যে ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰে।
ট্ৰাম্পে কয়, ‘দেওবাৰে (১৪ জুন) আমি ইৰাণৰ সৈতে এনে এক চুক্তিত উপনীত হৈছিলো, য’ত আমি বিচৰা সকলোবোৰ লক্ষ্য পূৰণ হৈছিল। সংঘাতৰ অন্ত পেলোৱা, হৰমুজ প্ৰণালী পুনৰ মুকলি কৰা আৰু ইৰাণক পাৰমাণৱিক অস্ত্ৰ আহৰণত বাধা দিয়া, এয়াই আছিল এই চুক্তিৰ মূল উদ্দেশ্য।’
ট্ৰাম্পে কয় যে এই চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অৱশ্যে ট্ৰাম্পে সকীয়নিও প্ৰদান কৰি কয় যে যদিহে ইৰাণে এই চুক্তি অমান্য কৰে তেন্তে দেশখনত পুনৰ চলোৱা হ’ব সামৰিক অভিযান।


