আমেৰিকা আৰু ইৰাণৰ মাজত সম্পন্ন হোৱা ঐতিহাসিক শান্তি চুক্তিয়ে বৃহত সকাহ প্ৰদান কৰিছে ভাৰতক। ইতিমধ্যে হৰমুজ প্ৰণালীত আৱদ্ধ হৈ থকা এলএনজি ভৰ্তি এখন জাহাজ সুকলমে ভাৰতৰ পশ্চিম উপকূলত উপস্থিত হৈছে। গুজৰাটৰ ভাৰুচ জিলাৰ দহেজ বন্দৰত উপস্থিত হৈছে দিশা নামৰ এল এন জি জাহাজখন। এতিয়া জানো আহক হৰমুজৰ পৰা ভাৰতলৈ আহিবলৈ এখন জাহাজে কিমান সময় লয়।
হৰমুজ প্ৰণালীৰ পৰা ভাৰতৰ পশ্চিম উপকূললৈ যাত্ৰা অন্য আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথৰ তুলনাত বহু কম। হৰমুজ প্ৰণালী পাৰ হোৱাৰ পিছত কাণ্ডলা, মুন্দ্ৰা, মুম্বাই বা দহেজৰ দৰে বন্দৰত উপস্থিত হ’বলৈ জাহাজসমূহে আৰব সাগৰ পাৰ হৈ ১০০০ কিলোমিটাৰ যাত্ৰা কৰিব লাগে।
বতৰৰ পৰিস্থিতি, সামুদ্ৰিক যাতায়ত আৰু মালবাহী বোজাৰ ওপৰত নিৰ্ভৰ কৰি বৃহৎ তেল টেংকাৰ আৰু এল এন জি বাহকে সাধাৰণতে ৪৮ৰ পৰা ৭২ ঘণ্টাত এই যাত্ৰা সম্পূৰ্ণ কৰে। অনুকূল পৰিস্থিতিত কিছুমান জাহাজে প্ৰায় ৩৩ ঘণ্টাত ভাৰতীয় বন্দৰত উপস্থিত হ’ব পাৰে।
উল্লেখ্য যে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিৰ পিছত সম্পূৰ্ণভাৱে হৰমুজ প্ৰণালীৰে যাতায়ত সূচল হ’বলৈ কমেও ৬ৰ পৰা ৮ সপ্তাহৰ প্ৰয়োজন হ’ব। দুয়োখন দেশৰ মাজত শান্তি চুক্তি সম্পন্ন হ’লেও এতিয়াও সামুদ্ৰিক যাতায়ত ব্যৱস্থাত আছে যথেষ্ট প্ৰত্যাহ্বান।


