মহাৰাষ্ট্ৰৰ পৰভনী জিলাৰ মানৱত অঞ্চলস্থিত য়শবাড়ী দেৱস্থানত সংঘটিত হৈছে এক ডাঙৰ অঘটন। প্ৰসিদ্ধ হনুমান মন্দিৰৰ গৰ্ভগৃহৰ সন্মুখত নিৰ্মীয়মান সভা মণ্ডপৰ ছাঁদ ভাঙি পৰাৰ ফলত ৭ গৰাকী ভক্তই কৰুণ মৃত্যুক আকোৱালি লয়। এই ঘটনাত ৩২গৰাকী ভক্ত গুৰুতৰভাৱে আহত হোৱাৰো খবৰ আহিছে।
প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মন্দিৰত অজস্ৰ লোকৰ সমাগম হৈছিল। আশংকা কৰা অনুসৰি এতিয়াও ধ্বংসস্তূপৰ তলত বহু ভক্ত আৱদ্ধ হৈ আছে। অৱশ্যে আৰক্ষী-প্ৰশাসনে স্থানীয় লোকৰ সহযোগত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।
উল্লেখ্য যে, শনিবাৰ হোৱা বাবেই মন্দিৰত বহু সংখ্যক ভক্তৰ ভিৰ হৈছিল। ঘটনাস্থলীত কেইবাখনো এম্বুলেন্স, মেডিকেল টীম প্ৰেৰণ কৰাৰ লগতে উপস্থিত হৈছে জিলা প্ৰসাশন আৰু আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া।
এই দুৰ্ঘটনাৰ পিছতে পৰভনীৰ অভিভাৱক মন্ত্ৰী মেঘনা বৰ্ডিকাৰে এই ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰি তৎকালীনভাৱে সকলো প্ৰয়োজনীয় সাহায্য সঁজুলি প্ৰদানৰ নিৰ্দেশ প্ৰদান কৰিছে।


