উদ্ধৱ ঠাকৰেৰ সংগ ত্যাগ; ৬ বিসম্বাদী সাংসদে আজি আনুষ্ঠানিকভাৱে যোগ দিব সিন্দে বাহিনীত

Published:

উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনা ত্যাগ কৰা ৬ গৰাকী বিসম্বাদী সাংসদৰ বাবে আজি ডাঙৰ দিন। সোমবাৰে সঞ্জয় পাটিলসহ আটাইকেইজন সাংসদে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনাত আনুষ্ঠানিকভাৱে যোগদান কৰিব। দুপৰীয়া ৩.৩০ বজাত আয়োজন কৰা যোগদান কাৰ্যসূচীত এই আটাইকেইজন সাংসদে একনাথ সিন্দেৰ উপস্থিতিত দলটোত যোগ দিব।

যোগদানৰ দিনটোৰ এই ৬ সাংসদৰ কাৰ্যসূচী

১. দুপৰীয়া ১ বজাত উপস্থিত হ’ব কলিনা বিমান বন্দৰত।
২. দুপৰীয়া ২ বজাত সাংসদ কেইগৰাকী মিলিত হ’ব এক বৈঠকত।
৩. ৪ বজাত সম্বোধন কৰিব সংবাদমেল।

উদ্ধৱ ঠাকৰে বাহিনীত হোৱা বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ মাজতে নীতিশ কুমাৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ সাংসদ তথা শীৰ্ষ নেতা মনোজ ঝাই এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ কয়, ‘তেওঁলোকক কেনেকৈ বিদ্ৰোহী বুলি ক’ব পাৰি? তেওঁলোকে শিৱসেনা (ইউ বি টি)ৰ চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিছিল। শিৱসেনা (ইউবিটি), তৃণমূল, বা আন কোনো দলৰ ভিতৰত যেতিয়া এই ধৰণৰ বিপৰ্যয় হয়, তেন্তে সেয়া তেওঁলোকৰ সমস্যা নহয়, এয়া গণতন্ত্ৰৰ বাবে সংকট। এয়া উদ্ধৱ ঠাকৰেৰ সৈতে প্ৰতাৰণা নহয়, বিকল্পৰ বাবে ভোট দিয়া ভোটাৰক হে প্ৰতাৰণা। আপোনালোকে তেওঁলোকৰ লগত অন্যায় কৰা নাই নেকি?’

উল্লেখ্য যে, কিছুদিন পূৰ্বে অৰ্থাত ১৮ জুনত উদ্ধৱ ঠাকৰে গোটৰ এই ৬ গৰাকী সাংসদে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি সিন্দে গোটত চামিল হোৱাৰ কথা পত্ৰযোগে উল্লেখ কৰিছিল।

অধ্যক্ষ ওম বিৰলাক প্ৰদান কৰা পত্ৰখনত এই ৬ বিসম্বাদী সাংসদে উল্লেখ কৰিছিল যে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাই নিজৰ বিচাৰধাৰাৰ পৰা আঁতৰি আহি কংগ্ৰেছ দলৰ সৈতে চামিল হোৱাৰ চিন্তা চৰ্চা কৰিছে। সেয়ে আমি উদ্ধৱ ঠাকৰে গোটৰ পৰা আঁতৰি আহি সিন্দে গোটত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

ইয়াৰ উপৰি লোকসভাত এই ৬ সাংসদৰ আসনৰ স্থান সলনি কৰি সিন্দে গোটৰ সৈতে দিবলৈও অধ্যক্ষ ওম বিৰলাক অনুৰোধ জনাইছিল।

 

POPULAR

RECENT ARTICLES

spot_img