শ্ৰীভূমি জিলাৰ পাথাৰকান্দি থানাৰ অন্তৰ্গত বিলবাড়ীৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ভাৰতীয় নাগৰিকক বাংলাদেশৰ এটা দুৰ্বৃত্তৰ দলে ভয়ংকৰভাৱে আক্ৰমণ কৰাৰ খবৰ পোহৰলৈ আহিছে। বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে ভাৰতীয় লোকজনক হাত-ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে চুৰি কৰি লৈ যায় দুটা ম’হ।
জানিব পৰা মতে, নিলামবজাৰ থানাৰ দুৰ্গানগৰ আংগুৰা জিপিৰ বাসিন্দা আলাউদ্দিন নামৰ লোকজনে শনিবাৰে বিয়লি বিলবাড়ী BSF কেম্পৰ কাষতে নিজৰ খেতিপথাৰত ম’হ চৰাই আছিল। ঠিক সেই সময়তে হঠাতে এদল বাংলাদেশী দুৰ্বৃত্তই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কৃষকজনৰ ওপৰত আক্ৰমণ চলায়। গামোচাৰে হাত-ভৰি বান্ধি বেয়াকৈ প্ৰহাৰ কৰাৰ পাছত খেতিয়কজনৰ ম’হ দুটা লৈ পলায়ন কৰে।
ঘটনাৰ পিছতে আলাউদ্দিনৰ চিঞৰ-বাখৰ শুনি তেওঁৰ নাতি ঘটনাস্থলীত উপস্থিত হৈ তেওঁক উদ্ধাৰ কৰে। পিছত আঘাতপ্ৰাপ্ত কৃষকজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

এই ঘটনাৰ পিছতে অঞ্চলটোত উপস্থিত হোৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে যে বাংলাদেশৰ পৰা অহা দুৰ্বৃত্তৰ দলটোৱে কাটা তাঁৰ কাটি ম’হ দুটা বাংলাদেশলৈ লৈ যায়। ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটো বাংলাদেশী বুলি দাবী কৰে আলাউদ্দিনে। চাঞ্চল্যকৰ ঘটনাটোৰ পিছত সীমান্তবাসীৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ লগতে সীমান্তত আৰু অধিক কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।
ইফালে আহত আলাউদ্দিনৰ পৰিয়ালে আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে আৰু আৰক্ষীয়ে ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত অব্যাহত ৰাখিছে।


