জয়পুৰত খহি পৰিল নিৰ্মাণাধীন দেৱাল; ৩ জন শ্ৰমিকৰ মৃত্যু

Published:

সোমবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত সংঘটিত হৈছে এক কৰুণ ঘটনা। এখন হোটেলৰ নিৰ্মাণাধীন দেৱাল ভাঙি পৰাৰ ফলত তিনিজন শ্ৰমিকৰ কৰুণ মৃত্যু হয়। ধ্বংসাৱশেষৰ তলত আন কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনাত আহত শ্ৰমিকসকলক ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।

বহু সংখ্যক শ্ৰমিকে দেৱাল নিৰ্মাণ কাৰ্যত জড়িত হৈ থকাৰ সময়তে এই কৰুণ ঘটনাটো সংঘটিত হয়। ঘটনাত তিনিজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। এতিয়াও ধ্বংসস্তুপৰ তলত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে চেষ্টা অব্যাহত ৰাখিছে।

আৰক্ষী-প্ৰশাসনে এই মৰ্মান্তিক ঘটনাটোৰ বলি হোৱা অধিকাংশ শ্ৰমিক ঝাৰখণ্ড আৰু বিহাৰৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ কাৰণ উদঘাটনৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

POPULAR

RECENT ARTICLES

spot_img