বাংলাদেশক পৰাস্ত কৰি টেষ্ট ক্ৰিকেটত ইতিহাস ৰচিলে জিম্বাব’ৱে দলে। দুয়োখন দেশৰ মাজত অনুষ্ঠিত হোৱা একমাত্ৰ টেষ্ট মেচখনত ঘৰুৱা দলটোৱে বাংলাদেশক এক ইনিংছ আৰু ৮৫ ৰানত পৰাস্ত কৰে। টেষ্ট ক্ৰিকেট ইতিহাসত এয়া আছিল জিম্বাব’ৱে দলৰ বৃহত বিজয়। তদুপৰি ২৫ বছৰৰ অন্তত জিম্বাব’ৱে দলে টেষ্ট ক্ৰিকেটত বাংলাদেশক এক ইনিংছত পৰাস্ত কৰিবলৈও সক্ষম হয়।
জিম্বাব’ৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত হোৱা মেচখনত বাংলাদেশে প্ৰথমে বেট ধৰি মাত্ৰ ১৪০ ৰানতে সামৰিছিল নিজৰ প্ৰথম ইনিংছ। ইয়াৰ প্ৰত্যুত্তৰত জিম্বাব’ৱে দলে প্ৰথম ইনিংছত ৪১০ ৰান সংগ্ৰহ কৰি ২৭০ ৰানৰ বৃহত অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছতে আলহী দলটোক ফল’ অন খেলিবলৈ আমন্ত্ৰণ জনায়।
দ্বিতীয় ইনিংছতো বাংলাদেশ দলৰ বেটাৰৰ প্ৰদৰ্শন আছিল অতি শোচনীয়। দলটোৱে মাত্ৰ ১৮৫ ৰানতে সামৰে নিজৰ দ্বিতীয় ইনিংছ। ইয়াৰ লগে লগে জিম্বাব’ৱেই টেষ্ট ক্ৰিকেটত সৰ্ববৃহত বিজয় সাব্যস্ত কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ইয়াৰ পূৰ্বে টেষ্ট ক্ৰিকেটত জিম্বাব’ৱে দলৰ সৰ্ববৃহত বিজয় আছিল আফগানিস্তানৰ বিৰুদ্ধে। ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা শেষৰখন টেষ্টত জিম্বাব’ৱেই আফগানিস্তানক এক ইনিংছ আৰু ৭৫ ৰানত পৰাস্ত কৰিছিল। আনহাতে ২৫ বছৰৰ মূৰত জিম্বাব’ৱে দলে একেৰাহে দুখন টেষ্টত জয়ী হোৱাৰো আন এক কৃতিত্ব অৰ্জন কৰে।


