জেইলৰ ভিতৰত ভয়ংকৰ সংঘৰ্ষ; ৪ গৰাকী গাৰ্ড আৰু ১৯ গৰাকী কয়দীৰ মৃত্যু, ১০০ৰো অধিক আহত

Published:

শ্ৰীলংকাৰ এখন কাৰাগাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দেশখনৰ ৰাজধানী কলম্বোস্থিত মুখ্য কাৰাগাৰত ড্ৰাগছ সম্বন্ধীয় ঘটনাৰ বাবে দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত ৪গৰাকী গাৰ্ড আৰু ১৯ গৰাকী কয়দীৰ মৃত্যু হয়। সংঘৰ্ষত আহত হৈছে ১০০ৰো অধিক লোক। দেশখনৰ আৰক্ষী প্ৰশাসনে প্ৰদান কৰিছে এই তথ্য।

ঘটনাৰ পিছতে আহত লোকসকলক ভৰ্তি কৰোৱা নেগ’ম্বো হাস্পতালৰ কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি চৰকাৰী হাস্পতালখনত ২৩ গৰাকী লোকৰ মৃতদেহ লৈ অনা হৈছিল আৰু ১০০ৰো অধিক কয়দী আৰু সুৰক্ষা কৰ্মীক আহত অৱস্থাত ভৰ্তি কৰোৱা হৈছিল।

হাস্পতাল কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিব দি কয়, ‘একাংশ লোকৰ দেহত গুলী লাগিছে, আন একাংশৰ দেহত চোকা অস্ত্ৰৰ আক্ৰমণ আৰু গুৰুতৰ আঘাত আছে।’

প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, জেইলৰ ভিতৰত ড্ৰাগছ সৰবৰাহক সমৰ্থন কৰা এটা গোট আৰু ইয়াক বিৰোধ কৰা এটা গোটৰ মাজত হয় এই সংঘৰ্ষ। বিগত ৬ বছৰৰ ভিতৰত শ্ৰীলংকাৰ জেইলৰ ভিতৰত সংঘটিত হোৱা এইটোৱেই আটাইতকৈ ভয়াৱহ সংঘৰ্ষ।

ইফালে এই ঘটনাৰ পিছতে দেশখনৰ প্ৰশাসনিক ক্ষেত্ৰৰ শীৰ্ষ বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দাংগা কণ্ট্ৰোল ইউনিট আৰু পুলিচ স্পেচিয়েল টাস্ক ফ’ৰ্চ নিয়োগ কৰিছে।

POPULAR

RECENT ARTICLES

spot_img