উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি ঘটনা সন্দৰ্ভত বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱা চম্পট ৰায়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে। বিভিন্ন সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰাষ্টৰ সদস্য আৰু মহাসচিব চম্পট ৰায়ক ট্ৰাষ্টৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়া হৈছে।
আনহাতে ট্ৰাষ্টৰ অন্যতন সদস্য অনিল মিশ্ৰাৰ পদত্যাগ পত্ৰ মঞ্জুৰ হৈছে নে নাই সেই সন্দৰ্ভত এই পৰ্যন্ত অহা নাই কোনো স্পষ্ট খবৰ।
আজি অনুষ্ঠিত হোৱা ট্ৰাষ্টৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে আজিৰ এই বৈঠকত উপস্থিত নাছিল চম্পট ৰায় আৰু অনিল মিশ্ৰা। এই দুয়োগৰাকী লোকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা খবৰটো ট্ৰাষ্টৰ তৰফৰ পৰা আনুষ্ঠানিক বিবৃতিযোগে প্ৰকাশ কৰিব। বৈঠকৰ অন্ত পৰাৰ পিছতে প্ৰকাশ পাব বিবৃতি।
আজি মহন্ত নৃত্য গোপাল দাসৰ অধ্যক্ষতাত দুপৰীয়া ৩.৩০ বজাত আৰম্ভ হৈছিল ট্ৰাষ্টৰ বৈঠক। এই বৈঠকতে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা ৰাম মন্দিৰৰ দান পাত্ৰৰ ধন চুৰি আৰু ট্ৰাষ্টৰ বিভিন্ন বিষয়াৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগ সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰা হয়।
মহন্ত নৃত্য গোপাল দাসে এই ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰি ইয়াক হিন্দু বিশ্বাসৰ বিষয় বুলি অভিহিত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। সভাত সমগ্ৰ ঘটনাটোক “পাপ” বুলিও গণ্য কৰা হয় আৰু মহন্ত নৃত্য গোপাল দাসে ঘটনাটোক লৈ গভীৰ দুখ প্ৰকাশ কৰে।


