পাকিস্তানৰ অশান্ত জৰ্জৰ অঞ্চল বেলুচিস্তানৰ এটা আৰক্ষী চকীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৯ গৰাকী আৰক্ষীৰ মৃত্যু হয়। এই আক্ৰমণৰ পিছতে ৫ গৰাকী আৰক্ষী নিখোজ হোৱাৰো তথ্য প্ৰকাশ পাইছে। মঙলবাৰে প্ৰশাসনৰ তৰফৰ পৰা এই কথা ৰাজহুৱা কৰা হৈছে।
পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি, সোমবাৰে নিশা বেলুচিস্তানৰ জিয়াৰত জিলাৰ মাংগী ডেম অঞ্চলস্থিত এখন আৰক্ষী চকীত এই আক্ৰমণ সংঘটিত হৈছিল। আক্ৰমণকাৰীক প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।
জিয়াৰতৰ উপ আয়ুক্ত আব্দুল কুদুছ আচাকজাইয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দি কয় যে পাঁচগৰাকী আৰক্ষীৰ এতিয়াও কোনো সম্ভেদ পোৱা নাই, আনহাতে ৯ গৰাকী আৰক্ষী কৰ্মী নিহত হৈছে। সন্ধানহীন আৰক্ষী কৰ্মী কেইজনৰ সন্ধান উলিয়াবৰ বাবে তদন্ত চলাই থকা হৈছে বুলিও জানিবলৈ দিয়ে শীৰ্ষ বিষয়াজনে।
আনহাতে বেলুচিস্তান চৰকাৰৰ তৰফৰ পৰা অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে জানিবলৈ দি কয় যে এই আক্ৰমণৰ পিছতেই আৰম্ভ কৰা যুটীয়া অপাৰেশ্যন সম্পূৰ্ণ হৈছে আৰু এই অপাৰেশ্যনত ফিতনা আল খোৱাৰিজৰ সৈতে সম্পৰ্ক থকা ১৫ গৰাকী সন্ত্ৰাসবাদী নিহত হৈছে।
ইফালে পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰদাৰীয়েও এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা জনাইছে। তেওঁ লগতে নৃশংস আক্ৰমণত মৃত্যু হোৱা আৰক্ষী কৰ্মীসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত লোকসকলৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰে।


