পি জি আৰ-ভি জি আৰ ভূমিত উচ্ছেদ চলোৱাৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ

Published:

ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠনৰ পিছতেই উচ্ছেদৰ দাবী তীব্ৰতৰ হৈ উঠিছে পাৰ্ব্যত্য অঞ্চলত। অবৈধভাৱে দখল কৰি থকা পিজিআৰ-ভিজিআৰৰ পৰা উচ্ছেদ চলোৱাৰ দাবীত ডিফুৰ উৰণ সেতুৰ তলত কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠন একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ নাটনিৰ অভাৱ দেখুৱাই পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলঙত পিজিআৰ আৰু ভিজিআৰ ভূমিত উচ্ছেদ বন্ধ কৰি ৰাখিছিল অসম চৰকাৰ আৰু স্বায়ত্ত্ব পৰিষদে। কিন্তু এতিয়া নিৰ্বাচন শেষ হোৱাৰ পাছত পুনৰ সেই অঞ্চলত উচ্ছেদ চলোৱাৰ দাবীৰে পুনৰ সৰৱ হৈ পৰিছে দল-সংগঠন সমূহ।

উল্লেখযোগ্য যে এই দাবীৰে যোৱা বৰ্ষত হোৱা আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পাছত অসম চৰকাৰে পিজিআৰ-ভিজিআৰ ভূমিৰ পৰা পৰ্য্যায়ক্ৰমে উচ্ছেদ চলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দল-সংগঠন সমূহক।

বন্ধ কৰি ৰখা উচ্ছেদ কাৰ্য পুনৰ চলোৱাৰ দাবীত আৰম্ভ হোৱা দুদিনীয়া প্ৰতিবাদত অংশ লৈ আন্দোলনকাৰী নেতা লিটচন ৰংফাৰে চৰকাৰক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে। লগতে লিটচন ৰংফাৰে পিজিআৰ-ভিজিআৰ ভূমি উচ্ছেদৰ স্বাৰ্থত আৰম্ভ কৰা এই আন্দোলনত সহযোগ কৰিবলৈ কাৰ্বি আংলঙৰ সকলো খিলঞ্জীয়া জনসাধাৰণক ওলাই আহিবলৈ আহ্বান জনায়।

POPULAR

RECENT ARTICLES

spot_img