বাংলাদেশৰ দক্ষিণ-পূবৰ কক্স বাজাৰ জিলাস্থিত ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰত থকা এখন ইছলামিক বিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ ঘটনাত অতি কমেও পাঁচটি শিশুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
স্মৰ্তব্য যে বিগত কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন পাহাৰীয়া স্থানত সংঘটিত হৈছে কেইবাটাও ভূমিস্খলনৰ ঘটনা। এই ঘটনাৰ পিছতে প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত উদ্ধাৰ হৈছে ৭টাকৈ মৃতদেহ।
ৰোহিংগিয়া শৰণাৰ্থী শিৱিৰস্থিত ইছলামিক স্কুলখনত সংঘটিত হোৱা ভূমিস্খলনৰ তথ্য প্ৰদান কৰে উদ্ধাৰকাৰী দলৰ এগৰাকী শীৰ্ষ বিষয়াই। এই শিৱিৰটোত ১০ লাখৰো অধিক শৰণাৰ্থীয়ে বসবাস কৰে। ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰি থকা সময়তে এই ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয়। পাহাৰৰ পৰা খহি অহা মাটিৰ তলত আৰু শিশু আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে উদ্ধাৰকাৰী দলে।
উল্লেখ্য যে, ইয়াৰ তিনিদিন পূৰ্বেই সেই অঞ্চলটোতে সংঘটিত হৈছিল আন এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ঘটনাটোত মৃত্যু হৈছিল ৮ জন লোকৰ।


