চেক বাউন্স ঘটনাৰ সৈতে জড়িত গোচৰত পুনৰ কাৰাগাৰালৈ যাব বলীউড অভিনেতা ৰাজপাল যাদৱ। অভিনেতাজনক দিল্লী উচ্চ ন্যায়ালয়ে তিনি মাহৰ শাস্তি প্ৰদান কৰিছে। তদুপৰি অভিনেতা ৰাজপাল যাদৱক জৰিমনাও বিহে আদালতে।
আজি অৰ্থাত শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে এই ঘটনাৰ শুনানি গ্ৰহণ কৰি তেওঁক তিনি মাহৰ শাস্তি প্ৰদানৰ কথা ঘোষণা কৰে।
উচ্চ ন্যায়ালয়ে চেক বাউন্সৰ ৭টা গোচৰৰ প্ৰতিটোতে ৩-৩ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে লগতে নিৰ্দেশ দিযে যে প্ৰতিটো শাস্তি একেলগে চলিব, সেয়ে তেওঁ মাত্ৰ তিনিমাহৰ বাবেহে কাৰাবাস খাটিব লাগিব।
নিম্ন আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অভিনেতা ৰাজপাল যাদৱে দাখিল কৰা আবেদন খাৰিজ কৰি ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাৰ নেতৃত্বাধীন বিচাৰপীঠে তেওঁক দোষী সাব্যস্ত কৰে। ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই উল্লেখ কৰে যে যাদৱক আদালতত দিয়া প্ৰতিশ্ৰুতি মানি চলিবলৈ কেইবাটাও সুযোগ দিয়া হৈছিল যদিও বাৰে বাৰে সুযোগ পোৱাৰ পিছতো তেওঁ মানি চলাত ব্যৰ্থ হৈছিল।
আদালতে প্ৰতিটো গোচৰতে ১.০৫ কোটি টকাৰ জৰিমনাও আৰোপ কৰিছে। এইদৰে সাতটা গোচৰৰ মুঠ জৰিমনা ৭.৩৫ কোটি টকালৈ বৃদ্ধি পায়। আদালতৰ নিৰ্দেশ অনুসৰি প্ৰতিটো অভিযোগকাৰীক ১.৪৭৫ কোটি আৰু ৰাজ্যক ২৫ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, ৰাজপাল যাদৱে ২০১০ চনত নিৰ্মাণ কৰিছিল এখন ছবি। ছবিখনৰ নাম আছিল আটা পাটা লাপাটা। এই ছবিখনৰ বাবে অভিনেতা ৰাজপালে ৫ কোটি টকাৰ ঋণ লৈছিল। এই ঋণ পৰিশোধ নকৰাত ঋণৰ পৰিমাণ ৯ কোটি টকালৈ বৃদ্ধি পায়। এই গোচৰতে অভিনেতা যাদৱে ২০২৬ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত তিহাৰ জেইলত আত্মসমৰ্পণ কৰিছিল।


