‘বিদেশত ঐক্য আৰু ইয়াত…’, মোহন ভাগৱতক কটাক্ষ অখিলেশ যাদৱৰ

Published:

আমেৰিকাত দিয়া এটা বক্তব্যক লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতক সমালোচনাৰ লক্ষ্য কৰি লৈছে সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অখিলেশ যাদৱে। নিউয়ৰ্কত অনুষ্ঠিত ‘এক পৃথিৱী, এক মানৱতা’ শীৰ্ষক সন্মিলনত ভাগৱতে কৈছিল যে যিয়ে ভাৰতত মুছলমান থাকিব নালাগে বুলি বিশ্বাস কৰে তেওঁ নিজকে হিন্দু বুলি ক’ব নোৱাৰে।

মোহন ভাগৱতৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিলেশ যাদৱে এক্সত লিখিছে, ‘বিদেশত ঐক্যৰ কথা আৰু ইয়াত দেশখনকে বিভাজিত কৰে।’ আমেৰিকা ভ্ৰমণৰত ভাগৱতে বিভিন্ন অনুষ্ঠানত হিন্দু সমাজ, মানৱতা, আৰু পাৰস্পৰিক ঐক্যৰ বিষয়ে ভাষণ দিয়াৰ সময়তে অখিলেশৰ কটাক্ষভৰা মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে।

নিউয়ৰ্কত অনুষ্ঠিত এক সন্মিলনত মোহন ভাগৱতে হিন্দু ধৰ্ম আৰু মানৱতাৰ ধাৰণা সম্পৰ্কে ভাষণ দিয়ে। তেওঁ ভাষণত কয় যে যদি কোনো ব্যক্তিয়ে ভাৰতত মুছলমানৰ অস্তিত্ব নাথাকে বুলি বিশ্বাস কৰে তেন্তে তেওঁ নিজকে হিন্দু বুলি ক’ব নোৱাৰে। তেওঁৰ মতে হিন্দু হোৱাৰ অৰ্থ হ’ল বিভিন্ন ধৰ্মৰ পথে একেজন ঈশ্বৰৰ ওচৰলৈ লৈ যায় বুলি বিশ্বাস কৰা।

ভাগৱতে লগতে কয় যে মানুহৰ মাজত কোনো ধৰণৰ বৈষম্য থাকিব নালাগে আৰু প্ৰতিজন ব্যক্তিক সন্মান কৰা উচিত। তেওঁৰ এই বক্তব্যক ধৰ্মীয় সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ বাৰ্তা হিচাপে দেখা গৈছে।

উল্লেখ্য যে, মোহন ভাগৱতে চলিত সপ্তাহৰ প্ৰথমতে নিউয়ৰ্কত উপস্থিত হয়। তিনিখন দেশৰ ভ্ৰমণৰ এয়া প্ৰথম পৰ্যায়। আমেৰিকাৰ পিছত ভাগৱতে কানাডা আৰু ইউনাইটেড কিংডম ভ্ৰমণ কৰিব।

POPULAR

RECENT ARTICLES

spot_img