দুটাকৈ স্বৰ্ণসহ ৮টা মেডেল… এছিয়ান গেমছৰ দশমটো দিনত ভাৰতীয় খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শন

Published:

জাপানৰ আইচি নাগোয়াত চলি থকা এছিয়ান গেমছ ২০২৬ৰ দশমটো দিন ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱোজ্জ্বল দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনটোত ভাৰতে দুটা স্বৰ্ণ, এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদকৰ সৈতে লাভ কৰে মুঠ ৮টা পদক। প্ৰতিযোগিতাখনত ভাৰতক পঞ্চমটো স্বৰ্ণ প্ৰদান কৰে মহিলাৰ 4×400 মিটাৰ ৰিলে দলটোৱে।

আনহাতে শ্বুটিঙত মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত নীৰু ধাণ্ডাইয়ে দেশক ষষ্ঠটো স্বৰ্ণ পদক প্ৰদান কৰে। আনহাতে দিনটোৰ একমাত্ৰ ৰূপৰ পদকটো মহিলা শ্বুটিঙৰ ট্ৰেপ ইভেণ্টৰ জৰিয়তে আহে। আনহাতে বাকী পাঁচটা ব্ৰঞ্জৰ পদক অন্য অন্য ইভেণ্টৰ জৰিয়তে ভাৰতে লাভ কৰে।

প্ৰতিযোগিতাখনৰ দশমটো দিনাৰ অন্তত ভাৰতে ৬টা সোণ, ২১টা ৰূপ আৰু ২৫টা ব্ৰঞ্জসহ মুঠ ৫২টা পদকৰ সৈতে তালিকাৰ দশম স্থানত আছে।

আজি ভাৰতে লাভ কৰা পদক

এথলেটিকছ : মহিলাৰ 4×400 মিটাৰ ৰিলেত স্বৰ্ণ

শ্বুটিং : মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত নীৰু ধাণ্ডাৰ স্বৰ্ণ

শ্বুটিং : মহিলাৰ দলীয় ট্ৰেপ ইভেণ্টত ৰূপ

বক্সিং : পুৰুষৰ ৯০ কিলোগ্ৰাম শাখাত নৰেন্দ্ৰৰ ব্ৰঞ্জ

এথলেটিকছ : মহিলাৰ হাই জাম্পত পূজাৰ ব্ৰঞ্জ পদক

এথলেটিকছ : ভাৰতৰ মিক্সড 4×400 মিটাৰ ৰিলেত ব্ৰঞ্জ

এথলেটিকছ : পুৰুষৰ ৫০০০ মিটাৰত গুলবীৰ সিঙৰ ব্ৰঞ্জ

এথলেটিকছ : পুৰুষৰ 4×400 মিটাৰ ৰিলেত ব্ৰঞ্জ

বক্সিঙত কমেও দুটা ৰূপৰ পদক নিশ্চিত

ইফালে আজি মহিলা বক্সিঙৰ ৬৫ কিলোগ্ৰাম শাখাত ভাৰতৰ পাৰবীনে চীনৰ লু চুক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ লগে লগে তেওঁৰ জৰিয়তে ভাৰতে কমেও ৰূপৰ পদক নিশ্চিত কৰে। আনহাতে পুৰুষৰ ৮০ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত অংকুশ পাংঘালে উজবেকিস্তানৰ ফজলিদ্দীন এৰকিনৱোয়েভক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰি সোণ বা ৰূপৰ পদক নিশ্চিত কৰে।

POPULAR

RECENT ARTICLES

spot_img