সংঘাত বৃদ্ধি পাইছে অসম-অৰুণাচল সীমান্তত। এইবাৰ গহপুৰৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড়ৰ কৰৈগুৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। অৰুণাচলী দুৰ্বৃত্তই চলোৱা গুলীত এজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত লোক জন প্ৰেমচন্দ বসুমতাৰী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।
ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰেমচন্দ বসুমতাৰী নামৰ লোকজনে পত্নীৰ সৈতে বাইকেৰে ঘৰলৈ আহি থকা সময়তে অৰুণাচল দিশৰ পৰা কোনো দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলীয়ে পেটৰ বাঁওফালে আঘাত কৰে লোকজনক। কিন্তু এই গুলীচালনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে বসুমতাৰীৰ পত্নী।
ঘটনা সংঘটিত হোৱাৰ পিছতে গুলীবিদ্ধ প্ৰেমচন্দ বসুমতাৰীক গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে লোকজনৰ আঘাত গুৰুতৰ হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, শেহতীয়াকৈ উত্তৰ অসমৰ বনাঞ্চল সমূহত বৃদ্ধি পাইছে অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱ। প্ৰায়েই অসমৰ বনকৰ্মীক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই অব্যাহত ৰাখিছে ধাৰাসাৰ গুলীবৰ্ষণ। ১৫ জুলাইৰ পিছত আজিও বিহালী অভয়াৰণ্যৰ ডিকাল এলেকাত অৰুণাচলৰ দিশৰ পৰা অহা দুৰ্বৃত্তই অসমৰ বনৰক্ষীক লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰে।
ঘটনাৰ প্ৰত্যুত্তৰত অসমৰ বনৰক্ষী বাহিনীয়েও গুলীচালনা কৰি প্ৰায় ৪০ ৰাউণ্ড গুলী নিক্ষেপ কৰে। অৰুণাচলী দুৰ্বৃত্ত আৰু বনৰক্ষীৰ মাজত হোৱা এই গুলীয়াগুলীৰ ফলত সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।


