দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি, কিয় এই সিদ্ধান্ত শিক্ষা বিভাগৰ?

Published:

অসমৰ তিনিখন জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বান আৰু বৰ্তমান চলি থকা লোকপিয়লৰ কাৰ্যসূচীৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বানত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা ২০২৭ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহলৈ বৃদ্ধি কৰিছে।

মঙলবাৰে এক জাননীৰ জৰিয়তে ASSEBয়ে কয় যে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২০২৭ চনৰ ২২ ফেব্ৰুৱাৰীলৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ২০২৭ চনৰ ৮ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জনাইছে।

জাননীখনত উল্লেখ কৰা হৈছে যে শেহতীয়া বান পৰিস্থিতিৰ বাবে কেইবাখনো জিলা আৰু ৰাজ্যজুৰি চলি থকা লোকপিয়লৰ বাবে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ (দশম শ্ৰেণী) আৰু ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত (দ্বাদশ শ্ৰেণী) সম্পূৰ্ণ কৰিব পৰা নাযাব। সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব।

নিয়মীয়া পাঠদানৰ সময়সূচী বৃদ্ধি কৰাৰ ফলত এটা কথা স্পষ্ট হৈ পৰিছে যে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত নহয়।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ কেইবাখনো জিলাত হোৱা প্ৰলয়ংকাৰী বানৰ বাবে দীৰ্ঘ সময়লৈ বন্ধ হৈ পৰিছে বিদ্যালয়ৰ পাঠদান। ইয়াৰ লগতে সম্প্ৰতি ৰাজ্যজুৰি চলি থকা লোকপিয়লৰ কাৰ্যসূচীত শিক্ষকসকল নিয়োজিত হৈ থকাৰ বাবেও পাঠদান বহু পৰিমাণে ব্যাহত হৈ পৰিছে। ইয়াৰ বাবে যাতে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে শিক্ষা বিভাগে পাঠদানৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

POPULAR

RECENT ARTICLES

spot_img