আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্ত সমূহৰ বিষয়ে সদৰি কৰে।
কোচিং প্ৰতিষ্ঠানসমূহক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কেবিনেটে ‘অসম ব্যক্তিগত কোচিং প্ৰতিষ্ঠান (নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা) বিধি, ২০২৬’ প্ৰণয়নৰ অনুমোদন জনায়।
তদুপৰি ৫০ বা ততোধিক শিক্ষাৰ্থী থকা কোচিং প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত কৰিব লাগিব পঞ্জীয়ন। লগতে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), অন্যান্য পিছপৰা শ্ৰেণী (OBC) আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী (EWS)ৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম শিক্ষাৰ্থী, এল জি বি টি কিউ+ শিক্ষাৰ্থী তথা মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব।
ইয়াৰ উপৰি কেবিনেটে নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমিতা, নেতৃত্ব বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব দিবলৈ যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনতো অনুমোদন জনাইছে।
ইফালে কেবিনেটে অনলাইন প’ৰ্টেলৰ জৰিয়তে অসমত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰলীকৃত আৰু ক্ষিপ্ৰ কৰাৰ বাবে অনুমোদন জনাইছে।
আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কেবিনেটে ‘মিনি সচিবলায়, বৰাক উপত্যকা’ৰ নাম সলনি কৰি ‘অসম সচিবলায়, বৰাক উপত্যাক, শিলচৰ’ হিচাপে নামকৰণত অনুমোদন জনাইছে। এই সচিবলায়ৰ পৰাই ৩২টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাৰ্যপ্ৰণালী পৰিচালনা কৰা হ’ব।
শিশু সুৰক্ষা নীতি সন্দৰ্ভতো আজিৰ কেবিনেটে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি, ২০২৬ত অনুমোদন। তদুপৰি অসম কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) বিধি, ২০২৬ৰ খচৰাত অনুমোদন জনাইছে।
ইয়াৰ জৰিয়তে কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ আৰু পকছো, ২০২০ কাৰ্যকৰীভাৱে ৰূপায়ণ কৰাত সহায় কৰিব।
আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আজিৰ কেবিনেটে কমলপুৰ, বঢ়মপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা-লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলাক নতুন সম জিলা কাৰ্যক্ষম কৰাত অনুমোদন জনাইছে।
মুখ্যমন্ত্ৰী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত আজিৰ এই বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, গুৱাহাটী (IIM Guwahati) আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰ আৰু আৱণ্টনত অনুমোদন জনাইছে।


