শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ১০ ছেপ্টেম্বৰৰ ভিতৰত অসমৰ বানপানীৰ ফলত হোৱা মুঠ ক্ষতি আৰু লোকচানৰ পৰিমাণৰ স্পষ্ট মূল্যায়ন হ’ব। তেওঁ উল্লেখ কৰে যে ৯ আগষ্টৰ পৰা ৩০ আগষ্টলৈ উজনি অসমৰ চাৰিখন জিলাৰ বানপীড়িত পৰিয়ালৰ ঘৰে ঘৰে গৈ প্ৰথম পৰ্যায়ৰ মূল্যায়ন চলাব।
যোৰহাট কনভেনচন চেণ্টাৰত বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত সাংবাদিকৰ আগত শৰ্মাই কয় যে প্ৰথম পৰ্যায়ৰ মূল্যায়নৰ পিছত ভুল শুধৰণি আৰু বাদ পৰা লোকসকলক চিনাক্তকৰণৰ বাবে দ্বিতীয় ৰাউণ্ড অনুষ্ঠিত কৰা হ’ব।
তেওঁ কয় যে আমি আশা কৰিছো যে ১০ ছেপ্টেম্বৰৰ ভিতৰত লোকচান আৰু ক্ষতিৰ স্পষ্ট ছবি এখন পোৱা যাব, বা বানপীড়িত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ বাবে প্ৰয়োজনীয় মুঠ ব্যয়ৰ অনুমান কৰিব পৰা যাব।
মুখ্যমন্ত্ৰীয়ে বুজাই দিয়ে যে মূল্যায়ন প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু প্ৰমাণভিত্তিক কৰি তুলিবলৈ এটা বিশেষ ডিজিটেল এপ্লিকেচন প্ৰস্তুত কৰা হৈছে।
‘সংশ্লিষ্ট বিষয়াসকলে এই এপত ক্ষতিৰ ফটো আপলোড কৰিব। তাৰ পিছত ৩০ আগষ্টৰ ভিতৰত মূল্যায়ন সম্পূৰ্ণ কৰা হ’ব আৰু আক্ৰান্ত পৰিয়ালসমূহৰ সৈতে পুনৰ পৰীক্ষা কৰা হ’ব’, মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়।
শনিবাৰৰ পৰা জৰীপ চলোৱা বিষয়াসকলৰ বাবে জিলা পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ’ব বুলিও শৰ্মাই উল্লেখ কৰে।
তেওঁ আৰু কয় যে চৰকাৰে ৩০ আগষ্টৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পুনৰ্বাসনৰ বাবে প্ৰয়োজনীয় ধনৰ প্ৰাৰম্ভিক অনুমান লাভ কৰাৰ আশা কৰিছে, তাৰ পিছত সাহায্য ব্যৱস্থাৰ পৰিকল্পনা কৰা হ’ব।
মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে যিসকল বিদ্যালয়ৰ শিক্ষার্থীয়ে এতিয়াও পাঠদান আৰম্ভ কৰিব পৰা নাই সেইসকল শিক্ষার্থীক ওচৰৰ কোনো ষ্ঠানত থাকিবলৈ দিয়া হ’ব৷ তেওঁ লগতে কয় যে চৰকাৰে ইতিমধ্যে ৭৯৩খন বানপীড়িত বিদ্যালয়ৰ প্ৰাৰম্ভিক মেৰামতিৰ কামৰ বাবে ২ লাখ টকাৰ অনুমোদন দিছে।
যোৰহাটত বৃদ্ধি পোৱা নগৰ আৰু কৃত্ৰিম বানপানীৰ বিষয় সন্দৰ্ভত শৰ্মাই কয় যে ইয়াৰ সমাধান কেৱল চৰকাৰে কৰিব নোৱাৰে, জনসহযোগিতা প্ৰয়োজনীয়।
‘মই ২০০১ চনৰ পৰা গুৱাহাটীৰ বান সমস্যাৰ ওপৰত কাম কৰি আহিছো। আমি নলা নিৰ্মাণ কৰোঁ, কিন্তু ইয়াৰ নিয়মীয়া চাফাই আৰু ৰক্ষণাবেক্ষণো অতি প্ৰয়োজনীয়। চাফাই অভিযানৰ সময়ত আমি প্ৰায়ে নলাত আবদ্ধ হৈ থকা প্লাষ্টিকৰ বটল আৰু ঘৰুৱা আৱৰ্জনা দেখিবলৈ পাওঁ’, কৃত্ৰিম বান সমস্যা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।


