বিহাৰৰ বাংকীপুৰ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে জন সুৰাজ পাৰ্টীয়ে ঘোষণা কৰিছে নিজৰ প্ৰাৰ্থীৰ নাম। দলটোৰ মুৰব্বী প্ৰশান্ত কিশোৰে এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই সমষ্টিটোত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন নবীন। কিন্তু পিছলৈ নীতিন নবীনক ৰাজ্যসভালৈ প্ৰেৰণ কৰা বাবে এই আসনখন খালী হৈ পৰে।
এই সমষ্টিটোৰ পৰা জন সুৰাজ পাৰ্টীয়ে প্ৰশান্ত কিশোৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ। যদিহে আৰ জে ডি বা বিৰোধী দলসমূহে প্ৰাৰ্থিত্ব প্ৰদান নকৰি প্ৰশান্ত কিশোৰক সমৰ্থন আগবঢ়াই তেন্তে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি।
উল্লেখ্য যে, বিগত বহু বছৰ ধৰি বাংকীপুৰ সমষ্টিটো দখল কৰি আহিছে বিজেপিয়ে। এই সমষ্টিটোৰ পৰা বিৰোধী জয়ী হোৱাটো অত্যন্ত কঠিন। এই সন্দৰ্ভত দলটোৰ এজন নেতাই স্পষ্ট কৰি কয় যে, প্ৰশান্ত কিশোৰ শিক্ষিত, উচ্চ জাতিৰ লগতে উচ্চ জাতিৰ আধিপত্য থকা বাংকীপুৰ এখন চহৰ অঞ্চল। শিক্ষিত লোকে হয়তো তেওঁৰ প্ৰতি আকৰ্ষিত হ’ব। যিহেতু প্ৰশান্ত কিশোৰ উচ্চ জাতিৰ পৰা আহিছে, সেয়েহে তেওঁ বিজেপিৰ জাতিভিত্তিক ভোট বেংকতো কিছু প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।
ইয়াৰ উপৰি ভৰত তিৱাৰী এনকাউণ্টাৰৰ ঘটনাটোৱেও প্ৰশান্ত কিশোৰক সহায় কৰিব বুলি মন্তব্য কৰিছে নেতাজনে।


