বিটিচি (BTC)ৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিব বুলি চলি থকা জল্পনা কল্পনাৰ অন্ত পেলাইছে বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে। মানাহ সমষ্টিৰ বিধায়ক থানেশ্বৰ বড়োৱে আজি মুকলিভাৱে সংবাদ মাধ্যমৰ জৰিয়তে বিটিচিত কোনো ধৰণৰ উচ্ছেদ অভিযান চলোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত-বিনিময়ত বিধায়কগৰাকীয়ে কয় যে উচ্ছেদক লৈ যি ধৰণৰ বাতৰি আৰু অপপ্ৰচাৰ চলিছে, সেয়া সম্পূৰ্ণ ভিত্তিহীন। বিটিচি প্ৰশাসন বা ৰাজ্য চৰকাৰে এই পৰ্যন্ত উচ্ছেদ সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।
তেওঁ উল্লেখ কৰি কয়, ‘পূৰ্বৰ চৰকাৰৰ সময়ত বহু লোকক চৰকাৰীভাৱে মাটি আবণ্টন দিয়া হৈছিল। সেয়েহে, সেই লোকসকলক উচ্ছেদ কৰাৰ কোনো প্ৰশ্নই নুঠে। বৰঞ্চ অঞ্চলসমূহত বসবাস কৰি থকা লোকসকলৰ স্থায়ী আৰু সুসংগঠিত সংস্থাপনৰ ব্যৱস্থা কেনেদৰে অধিক উন্নত কৰিব পাৰি, সেই বিষয়টোক লৈ স্থানীয় পৰ্যায়ৰ লগতে চৰকাৰী পৰ্যায়তো আলোচনা চলি আছে।’
বিধায়ক বসুমতাৰীয়ে লগতে জানিবলৈ দিয়ে যে এই বিষয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়েও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিষয়টো সংবেদনশীলতাৰে পৰ্যালোচনা কৰি আছে। বিধায়কগৰাকীয়ে লগতে বিটিচিবাসীক কোনো ধৰণৰ বিভ্ৰান্তিকৰ প্ৰচাৰত বিশ্বাস নকৰিবলৈও আহ্বান জনায়।


