নতুন ভাষা নীতি নিৰ্দেশনা প্ৰকাশ CBSEৰ, জানি লওক কোনে পাব সকাহ

Published:

অলপতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ঘোষণা কৰা তিনিটা ভাষা নীতিক লৈ দেশজুৰি চলি আছে বিতৰ্ক। এই নতুন ভাষা নীতিক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত সৃষ্টি হৈছে যথেষ্ট বিভ্ৰান্তিৰ। এই বিভ্ৰান্তি আৰু বিতৰ্কৰ সমাধানৰ বাবে অহৰহ কাম কৰি আছে ব’ৰ্ডে। সময়ে সময়ে তিনিটা ভাষা নীতি সন্দৰ্ভত চিবিএছইয়ে বিভিন্ন আপডেট প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ ব’ৰ্ডে তিনিটা ভাষা নীতি সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি কৰিছে।

চিবিএছই ব’ৰ্ডে বৰ্তমানৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বৃহত সকাহ প্ৰদান কৰি স্পষ্ট কৰি দিছে যে তেওঁলোকে তিনিটা ভাষাত পঢ়িব নালাগে। আনহাতে এই ক্ষেত্ৰত বৰ্তমান নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলকো এককালীন শিথিলতা (ওৱান টাইম ৰিলেক্সেশ্যন) প্ৰদান কৰা হৈছে।

২৯ জুন অৰ্থাত সোমবাৰে চিবিএছইয়ে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে বৰ্তমান দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় তিনিটা ভাষা নীতি। পূৰ্বৰ দৰেই তেওঁলোকে অধ্যয়ন আৰু পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

ব’ৰ্ডে লগতে কয় যে বৰ্তমানৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক এবাৰৰ বাবে বিশেষ ৰেহাই দিয়া হৈছে। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে তিনিটা ভাষাত অধ্যয়ন কৰিব লাগিব, কিন্তু তেওঁলোকে দুটা বিদেশী ভাষা আৰু এটা ভাৰতীয় ভাষাৰ বিকল্প বাছি ল’ব পাৰিব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ব’ৰ্ডৰ তৰফৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছিল যে ২০২৬ চনৰ ১ জুলাইৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে তিনিটা ভাষাত অধ্যয়ন কৰাটো বাধ্যতামূলক। নতুন ব্যৱস্থা অনুসৰি শিক্ষাৰ্থীসকলে অতি কমেও দুটা ভাৰতীয় ভাষাত অধ্যয়ন কৰিব লাগিব। এই পৰিৱৰ্তন ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP 2020) অনুসৰি কাৰ্যকৰী কৰা হৈছে।

অৱশ্যে চিবিএছইৰ নতুন গাইডলাইন অনুসৰি হঠাত সলনি হোৱা এই নিয়মৰ ফলত যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে বৰ্তমানৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক তিনিটা ভাষা নীতিৰ পৰা ৰেহাই দিয়া হৈছে।

POPULAR

RECENT ARTICLES

spot_img