গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী নাগৰিকক বিদেশী বুলি ঘোষণা কৰা নিৰ্দেশ বাতিল কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে ২৭ গৰাকী আবেদনকাৰীৰ আবেদনক অনুমতি প্ৰদান কৰি গোচৰসমূহ পুনৰ শুনানিৰ বাবে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে।
উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় নাগৰিকত্বৰ ওপৰত আবেদনকাৰীৰ দাবীৰ গুণগত মান বা সত্যতা পৰীক্ষা কৰা হোৱা নাই। সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে নাগৰিকত্ব আৰু বিদেশী বুলি ঘোষণা কৰা সিদ্ধান্ত কেৱল নিৰপেক্ষ, আইনী আৰু সঠিক প্ৰক্ৰিয়াৰ মাজেৰেহ হ’ব লাগে।
নাগৰিকত্ব সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব ন্যায়াধিকৰণে
আবেদনকাৰীসকল ভাৰতীয় নাগৰিক হয় নে নহয় সেয়া আদালতে নিৰ্ণয় কৰা নাই। তেওঁলোকৰ দাবী, নথি-পত্ৰ আৰু প্ৰমাণৰ সত্যতা বা পৰ্যাপ্ততাৰ বিষয়েও কোনো মন্তব্য কৰা হোৱা নাই। এতিয়া বিদেশী ন্যায়াধিকৰণে এই সকলোবোৰ বিষয় পৰীক্ষা কৰিব, আৰু সেই ভিত্তিত সিদ্ধান্ত লোৱা হ’ব।
গোচৰটো ন্যায়াধিকৰণলৈ ঘূৰাই পঠোৱাৰ অৰ্থ এইটো নহয় যে আবেদনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰা হৈছে। ইয়াৰ উদ্দেশ্য কেৱল এইটো নিশ্চিত কৰা যে কাৰোবাক বিদেশী ঘোষণা কৰাৰ দৰে গুৰুতৰ সিদ্ধান্ত সম্পূৰ্ণ ন্যায্য আৰু আইনী প্ৰক্ৰিয়াৰ অন্ততহে লোৱা হয়।
নতুনকৈ সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব বিদেশী ন্যায়াধিকৰণে। শুনানিৰ সময়ত ইয়াৰ পূৰ্বৰ নিৰ্দেশ বা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মন্তব্যৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ স্বতন্ত্ৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব।
বিদেশী আইন, ১৯৪৬ৰ ৯ নং ধাৰা বলবৎ থাকিব। অৰ্থাৎ নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰাৰ দায়িত্ব ব্যক্তিজনৰ ওপৰত।
২৩ বছৰৰ পাছত উচ্চ ন্যায়ালয়ত এই প্ৰত্যাহ্বান দাখিল কৰা হয়।
উল্লেখ্য যে বিদেশী ন্যায়াধিকৰণে ২৭ জন লোকক বিদেশী ঘোষণা কৰিছিল। এই সিদ্ধান্তক তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চ ন্যায়ালয়ে ন্যায়াধিকৰণৰ নিৰ্দেশ বাহাল ৰাখে।
উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে ন্যায়াধিকৰণৰ সিদ্ধান্তক প্ৰায় ২৩ বছৰৰ পাছত প্ৰত্যাহ্বান জনোৱা হৈছে। জাননী পোৱাৰ পিছতো কোনো আবেদনকাৰীয়ে ন্যায়াধিকৰণৰ সন্মুখত হাজিৰ নহ’ল বা নাগৰিকত্বৰ সমৰ্থনত কোনো নথি-পত্ৰ বা প্ৰমাণ প্ৰদান কৰা নাছিল। ফলস্বৰূপে ন্যায়াধিকৰণে তেওঁলোকক বিদেশী ঘোষণা কৰাৰ বাহিৰে আন উপায় নাছিল।


