ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বজুৰি আঠখন যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি পুনৰ এবাৰ ইৰাণক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। ভাষণত তেওঁ ইৰাণক প্ৰত্যক্ষভাৱে ভাবুকি প্ৰদান কৰি শীঘ্ৰে এক চুক্তি কৰিবলৈ আহ্বান জনায়।
ইয়াৰ লগতে ট্ৰাম্পে কয় যে যদিহে কোনো চুক্তি নকৰে তেন্তে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হ’ব। ট্ৰাম্পে কয় যে মোৰ সন্মুখত এটা ডাঙৰ সিদ্ধান্ত আছে। আমেৰিকাৰ হাতত দুটা বিকল্প আছে। প্ৰথম, ইৰাণৰ সৈতে চুক্তি কৰা আৰু দ্বিতীয়তো, নহ’লে ইৰাণক ধ্বংস কৰা।
ইৰাণ সন্দৰ্ভত ট্ৰাম্পে দিয়া এই কঠোৰ ভাষণৰ মাজতে তাত উপস্থিত থকা তেহৰাণৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা ৱাক আউট কৰে।
ট্ৰাম্পে উল্লেখ কৰে যে তেওঁলোকক মানুহ হত্যা কৰাৰ আৰু এটা সুযোগ নিদিয়ে। ইৰাণৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ বাবে ৰাষ্ট্ৰসংঘক আবেদন জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ ভেনিজুৱেলা, ইৰাণ, গাজা, ভাৰত-পাকিস্তান যুদ্ধৰ কথাও উল্লেখ কৰি কয় যে তেওঁ শুল্ক আৰোপ কৰি বিশ্বজুৰি আঠখন যুদ্ধৰ অন্ত পেলাইছে।
অৱশ্যে তেহৰাণৰ বিৰুদ্ধে যুদ্ধৰ সূচনা কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শান্তি স্থাপন কৰা বুলি উল্লেখ কৰিছে। ইৰাণৰ সৈতে সংঘাত প্ৰায় শেষ হৈছে, আৰু তেওঁৰ লক্ষ্য আছিল ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণত বাধা দিয়া।
উল্লেখ্য যে, আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮১ সংখ্যক অধিৱেশনত ভাষণ দিবলৈ উপস্থিত হৈছিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সম্বোধন কৰি যুদ্ধৰ অন্ত পেলাবলৈ আহ্বান জনায়।
ইয়াৰ উপৰি ইৰাণক আৰ্থিকভাৱে এশিকনি দিয়াৰ আহ্বান জনাই ট্ৰাম্পে কয় যে সকলো দেশেই আমেৰিকাৰ সৈতে যোগ দি ইৰাণক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰা উচিত। বাণিজ্যিক জাহাজৰ ওপৰত আক্ৰমণ বন্ধ নকৰালৈকে, পাৰমাণৱিক উচ্চাকাংক্ষা পৰিত্যাগ নকৰালৈকে, সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে তেহৰাণক বিচ্ছিন্ন কৰি ৰখা উচিত।


