বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক; ল’লে কেইবাটাও ডাঙৰ সিদ্ধান্ত

Published:

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে নিৰ্বাচন আয়োগে এখন ডাঙৰ বৈঠকত মিলিত হৈছে। এই গুৰুত্বপূৰ্ণ বৈঠকত তিনিওগৰাকী আয়ুক্ত ক্ৰমে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, সুখবীৰ সান্ধু আৰু বিবেক যোশী উপস্থিত থাকে।

এই বৈঠকত সিদ্ধান্ত লোৱা হৈছে যে ফৰ্ম ৬ক লৈ হোৱা বিতৰ্কটো আচলতে কোনো ডাঙৰ বিষয় নহয়। উচ্চতম ন্যায়ালয়েও ফৰ্ম ৬ৰ ঘোষণাক সমৰ্থন কৰিছে।

কেবিনেট সচিবলৈ লিখা পত্ৰখন নিৰ্বাচন আয়োগৰ নীতিগত সিদ্ধান্তৰ সৈতে কোনো সম্পৰ্ক নাই বুলিও আয়োগে উল্লেখ কৰে।

বৈঠকত নিৰ্বাচন আয়োগে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়

শনিবাৰে নিৰ্বাচন আয়োগে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি বৈঠকৰ সময়ত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন দুগৰাকী নিৰ্বাচন আয়ুক্তই সৰ্বসন্মতিক্ৰমে কেইবাটাও সিদ্ধান্তত উপনীত হয়। প্ৰথম সিদ্ধান্তত কোৱা হৈছিল-

. BLO সকলে এছআইআৰৰ অধীনত জাননী পোৱা লোকসকলৰ ঘৰলৈ গৈ নথি-পত্ৰ সংগ্ৰহ কৰিব; সাধাৰণতে শুনানিৰ প্ৰয়োজন নহ’ব।

. DEO সমূহে প্ৰয়োজন অনুসৰি নৈশ আশ্ৰয় শিবিৰ, শ্ৰমিক, দৰিদ্ৰ, আৰু গৃহহীন লোকৰ বাবে হেল্প ডেস্ক স্থাপন কৰিব।

. উচ্চতম ন্যায়ালয়ে এছ আই আৰত ৬ নং প্ৰপত্ৰ থকা ঘোষণা প্ৰ-পত্ৰৰ ব্যৱস্থা গ্ৰহণ কৰে।

. ECINETৰ পৰ্যালোচনা হ’ব এজন জ্যেষ্ঠ DEC আৰু এজন স্বতন্ত্ৰ IIT/IIM বিশেষজ্ঞৰে গঠিত এখন সমিতিয়ে।

. দিল্লীত দাবী আৰু আপত্তিৰ অন্তিম তাৰিখ ৩০ অক্টোবৰ আৰু মহাৰাষ্ট্ৰত ১২ অক্টোবৰ।

. আয়োগৰ সকলো বৈঠকৰ কাৰ্যসূচী আগতীয়াকৈ প্ৰেৰণ কৰা হ’ব, আৰু বৈঠকৰ কাৰ্য্যবিৱৰণী প্ৰকাশ কৰা হ’ব।

. প্ৰতি বছৰে ৩১ ডিচেম্বৰৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো বিষয়াৰ বাবে এপিআৰ প্ৰতিবেদন সম্পূৰ্ণ কৰা হ’ব।

. এতিয়া বিষয়াসকলৰ বিদেশ ভ্ৰমণৰ বাবে নিৰ্বাচন আয়োগৰ অনুমোদন ল’ব লাগিব।

. উপায়ুক্তসকলে বিষয়াসকলক দিয়া সকলো নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰা হ’ব।

POPULAR

RECENT ARTICLES

spot_img