Homeমুখ্য পৃষ্ঠাকেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পি বিজয়নৰ বাসগৃহত অভিযান চলোৱা EDৰ বিষয়াৰ ওপৰত আক্ৰমণ

কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পি বিজয়নৰ বাসগৃহত অভিযান চলোৱা EDৰ বিষয়াৰ ওপৰত আক্ৰমণ

কেৰালামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বাসগৃহত অভিযান চলোৱা EDৰ এটা দলক পিনাৰাইৰ সমৰ্থকে ভয়ংকৰ আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয়নৰ ঘৰৰ পৰা অভিযান চলাই ওলাই অহাৰ পিছতেই সমৰ্থকে তদন্তকাৰী দলটোৰ ওপৰত আক্ৰমণ কৰে। এই সমগ্ৰ কাণ্ডৰ ভিডিঅ’ ফুটেজ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কেৰালামৰ ১০টা ভিন্ন প্ৰান্তত কোচিন মিনাৰেলছ এণ্ড ৰুটাইল সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চলোৱা অভিযানক লৈ CPI(M)ৰ কাৰ্যকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিল। EDয়ে চলোৱা অভিযানস্থলীসমূহৰ ভিতৰত এটা আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি পিনাৰাই বিজয়নৰ বাসগৃহও।

জানিব পৰা অনুসৰি তিৰুৱনন্তপুৰমৰ CPI(M) কাৰ্যকৰ্তাসকলে অভিযানকাৰী দলটোৰ বিষয়াৰ গাড়ীত আক্ৰমণ কৰে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এই অভিযানত ক্ষুন্ন হৈয়ে বিজয়নৰ সমৰ্থকসকলে তদন্তকাৰী দলটোৰ ওপৰত আক্ৰমণ চলায়। এই আক্ৰমণত এজন আৰক্ষী কৰ্মী আহত হোৱাৰ খবৰ আহিছে।

তদন্তকাৰী দল আৰু সমৰ্থনকাৰীৰ মাজত হোৱা সংঘাত ৰোধ কৰিবলৈ আৰক্ষীয়ে প্ৰচেষ্টা চলাই যদিও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমৰ্থকসকলে তদন্তকাৰী বিষয়াৰ দলটোৰ লগতে আৰক্ষীৰ ওপৰতো আক্ৰমণ সংঘটিত কৰে।

ইফালে এই অভিযানৰ পিছতেই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পি বিজয়নে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই সমগ্ৰ ঘটনাৰ বাবে কংগ্ৰেছৰ লগত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments