৩২ ছেকেণ্ডত ৩৪ বাৰ উপৰ্যপুৰি আক্ৰমণ… বিদ্যালয়ৰ ভিতৰতে মহিলা শিক্ষয়িত্ৰীক নৃশংসভাৱে হত্যা

Published:

হাৰিয়ানাৰ ফৰিদাবাদত সংঘটিত হৈছে এটা গাৰ নোম শিয়ৰি যোৱা ঘটনা। ইয়াৰে এখন বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰীক এজক যুৱকে নৃশংসভাৱে হানি খুচি হত্যা কৰে। এই শিহৰণকাৰী ঘটনাত মৃত্যু হোৱা শিক্ষয়িত্ৰীগৰাকীক ২৫ গৰাকী সন্ধ্যা শৰ্মা বুলি চিনাক্ত কৰা হৈছে। ইফালে হত্যাকাণ্ড সংঘটিত কৰা অমিত নামৰ যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে যুৱকজনক সোধাপোচা কৰাত এই তথ্য পোহৰলৈ আহে যে সন্ধ্যাৰ সৈতে একপক্ষীয় প্ৰেমত পৰিছিল অমিত। বিগত এবছৰ ধৰি নিজৰ মনৰ কথা ক’ব বিচাৰি আছিল যদিও সন্ধ্যাই প্ৰায়েই অমিতক আওকান কৰি চলিছিল।

নিৰ্যাতনৰ অভিযোগত এবাৰ ক্ষমা খোজাৰ পিছতে সন্ধ্যাই বিদ্যালয় বদলি কৰাৰ কথাত ক্ষুব্ধ হৈ পৰিছিল অমিত। কেৱল এয়াই সন্ধ্যাই সলনি কৰিছিল নিজৰ ঠিকনাও। মনে মনে এই কথাত ক্ষোভিত হৈ থকা অমিতে সোমবাৰে পুৱা প্ৰায় ৯ বজাত উপস্থিত হয় সন্ধ্যাৰ বিদ্যালয়ত। নিজকে সন্ধ্যাৰ স্বামী বুলি পৰিচয় দি বিদ্যালয়ত প্ৰৱেশ কৰি শ্ৰেণী কোঠাৰ পৰা বাহিৰলৈ উলিয়াই আনে।

শ্ৰেণী কোঠাৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতে অমিতে সন্ধ্যাৰ চুলিত ধৰি টানি আনি চোকা অস্ত্ৰৰে উপৰ্যপুৰি আঘাত কৰে। আৰক্ষীয়ে জানিব দিয়া অনুসৰি অমিতে ৩২ ছেকেণ্ডৰ ভিতৰতে ৩৪ বাৰকৈ চুৰিৰে আক্ৰমণ কৰে।

ইফালে মৃত সন্ধ্যাৰ স্বামী বিকি গুৰ্জৰে জানিব দিয়া অনুসৰি, ইয়াৰ পূৰ্বে তেওঁৰ পত্নীয়ে চিৰোহী গাঁওস্থিত এখন বিদ্যালয়ত কৰ্মৰত আছিল। সেই সময়তে অমিতৰ সৈতে তেওঁৰ চিনাকি হৈছিল। কিন্তু অমিতৰ আচাৰ-ব্যৱহাৰত ক্ষুন্ন হৈ অমিতৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। পিছত অমিতে ক্ষমা খুজি ভৱিষ্যতে আৰু এনেধৰণৰ কাম নকৰো বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

POPULAR

RECENT ARTICLES

spot_img