চাঞ্চল্যকৰ ঘটনা… কোঠাৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ ৫ জন লোকৰ মৃতদেহ

Published:

অন্ধ্ৰপ্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। ৰাজ্যখনৰ মল্লিকাৰ্জুন স্বামী মন্দিৰৰ সমীপৰ এটা বাসগৃহত উদ্ধাৰ হৈছে এটা পৰিয়ালৰে পাঁচজন সদস্যৰ মৃতদেহ। এই ঘটনাটোক সমূহীয়া আত্মহত্যা বুলি সন্দহে প্ৰকাশ কৰিছে স্থানীয় লোকে।

মৃত লোক কেইজনক অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্য ছাই জিলাৰ বাথলাপল্লী গাঁৱৰ নিবাসী বুলি চিনাক্ত কৰা হৈছে। মৃত লোক কেইজন হৈছে গোগুলা আদিলক্ষ্মী (৫০), মলেশ্বৰী (৪৫), পী সুধাকৰ (৩৬), শ্ৰীদেৱী (৩৩) আৰু মণিকণ্টা (১৫)।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি এই পৰিয়ালটোৱে ২০ আগষ্টত অটো ৰিক্সাৰ সহায়ত তীৰ্থস্থলীত উপস্থিত হৈছিল। তেওঁলোকে সেই স্থানত থকা এখন লজৰ ১১ নম্বৰ কোঠাত আছিল। কিন্তু কিছু দিনৰ পিছত কোঠাটোৰ পৰা বেয়া গোন্ধ অহাত লজৰ কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে কোঠাটোৰ বাথৰুমৰ ভিতৰৰ পৰা তিনিগৰাকী মহিলাৰ মৃতদেহ আৰু দুজন লোকক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে। গভীৰ আৰ্থিক সংকটৰ বাবেই পৰিয়ালটোৱে এই সমূহীয়া আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ অধিক তদন্তৰ বাবে আৰক্ষীয়ে আনুষ্ঠানিক গোচৰ ৰুজু কৰিছে। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন পোৱাৰ পিছতহে প্ৰকৃত কাৰণ জানিব পৰা যাব।

POPULAR

RECENT ARTICLES

spot_img