৩০ জুন অৰ্থাত মঙলবাৰে দেশৰ ৩১ সংখ্যক সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিলে জেনেৰেল ধীৰাজ শেঠে। সেনা প্ৰধান হিচাপে কাৰ্যকাল সমাপ্ত হোৱা জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ স্থানত নিযুক্তি লাভ কৰিছে শেঠে। প্ৰায় ৪০ বছৰীয়া সুদীৰ্ঘ সেৱাৰ অন্তত আজি অৱসৰ গ্ৰহণ কৰিছে উপেন্দ্ৰ দ্বিবেদীয়ে।
ভাৰতীয় সেনাৰ এগৰাকী অনুভৱী বিষয়া ধীৰাজ শেঠ সশস্ত্ৰ বাহিনীৰ (আৰ্মড কৰ্পছ) বিষয়া আৰু সেনাবাহিনীৰ ভাইচ চীফ (উপ-মুখ্য) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। স্মৰ্তব্য যে ১৯৯৭ চনত শংকৰ ৰায় চৌধৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত আৰ্মড কৰ্পছৰ পৰা সেনা প্ৰধান হোৱা প্ৰথমগৰাকী বিষয়া হিচাপে পৰিগণিত হ’ল ধীৰাজ শেঠ।
সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে জেনেৰেল শেঠ ছাউথাৰ্ন কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰি ছাউথ ৱেষ্টাৰ্ণ কমাণ্ডৰো দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল।
তেওঁ দিল্লী এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং আৰু XXI কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বও নিয়াৰিকে পালন কৰিছিল। তেওঁ আৰ্মড কৰ্পছৰ কৰ্ণেল অফ দ্যা ৰেজিমেণ্টো আছিল।
১৯৮৬ চনত জেনেৰেল ধীৰাজ শেঠে ২য় লেন্সাৰছ (গাৰ্ডনাৰ হৰ্ছ)ত নিযুক্তি লাভ কৰে। দিঘলীয়া সামৰিক জীৱনৰ সময়ছোৱাত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে। তেওঁ পুনেস্থিত দক্ষিণ কমাণ্ড আৰু জয়পুৰস্থিত দক্ষিণ পশ্চিম কমাণ্ড দুয়োটাকে নেতৃত্ব প্ৰদান কৰি আহিছে। দুটা ভিন্ন কমাণ্ডৰ নেতৃত্ব দিয়া নগণ্য সংখ্যক জেনেৰেলৰ ভিতৰত তেওঁ অন্যতম।
তেওঁ ভূপালস্থিত ২১ কৰ্পছৰ কমাণ্ডাৰো আছিল। জম্মু-কাশ্মীৰৰ কাউণ্টাৰ ইনছাৰ্জেন্সি ফৰ্চ, আৰ্মড ব্ৰিগেড আৰু আৰ্মড ৰেজিমেণ্টৰ কমাণ্ডাৰ হিচাপেও দায়িত্ব পালন কৰি আহিছে। বিভিন্ন ভূমিকাৰ উপৰিও জেনেৰেল শেঠে সেনাবাহিনীৰ কৌশলগত পৰিকল্পনা আৰু আধুনিক প্ৰযুক্তিৰ সৈতে জড়িত মূল দায়িত্বও গ্ৰহণ কৰিছে। সেনাবাহিনীৰ আধুনিকীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য বুলি গণ্য কৰা হয়।
জেনেৰেল ধীৰাজ শেঠ নেশ্যনেল ডিফেন্স একাডেমী, ইণ্ডিয়া মিলিটেৰী একাডেমী, পেৰিছৰ কমাণ্ড এণ্ড কোৰ্ছ আৰু নেশ্যনেল ডিফেন্স কলেজৰ প্ৰাক্তন ছাত্ৰ। পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুদ্ধ সেৱা মেডেল আৰু অতি বিশিষ্ট সেৱা মেডেলৰ দৰে সন্মান লাভ কৰিছে শেঠে।


