বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আছে অত্যাচাৰৰ ঘটনা। এইবাৰ বাংলাদেশৰ মৈমনসিং সদৰ অঞ্চলৰ এটা নলাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰামত ভৰাই থোৱা এজন হিন্দু সোণাৰীৰ ক্ষত-বিক্ষত মৃতদেহ। নিহত লোকজন মৈমনসিং জিলাৰ ত্ৰিশাল মহকুমাৰ বাসিন্দা ৰমেশ চন্দ্ৰ সূত্ৰধৰৰ পুত্ৰ নিৰঞ্জন চন্দ্ৰ সূত্ৰধৰ (৫০) বুলি জানিব পৰা গৈছে।
পেছাত এগৰাকী সোণৰ মিস্ত্ৰী নিৰঞ্জনে নিজৰ পৰিয়ালৰ সৈতে মৈমনসিং চহৰৰ ষ্টেডিয়ামৰ সমীপত ভাড়াঘৰত বাস কৰিছিল। বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে মৃত লোকজনৰ পৰিচয় ৰাজহুৱা কৰে।
আৰক্ষী আৰু স্থানীয় সূত্ৰৰ তথ্য অনুসৰি বুধবাৰে পুৱা মৈমনসিং চহৰৰ বেগুনবাৰী শ্লুইচ গেটৰ সমীপত নলাত এটা প্লাষ্টিকৰ ড্ৰাম ওপঙি থকা দেখা পায়। সন্দেহ ওপজাত স্থানীয় লোকে লগে লগে থানাত খবৰ দিয়ে।
এই তথ্যৰ পিছতে দুপৰীয়া ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নলাটোৰ পৰা নীলা ৰঙৰ প্লাষ্টিকৰ ড্ৰামটো উদ্ধাৰ কৰে। ড্ৰামটোৰ ভিতৰত উদ্ধাৰ হয় নিৰঞ্জন চন্দ্ৰ সূত্ৰধৰৰ ৰক্তাক্ত মৃতদেহ। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বৃহস্পতিবাৰে মৃতদেহটো পৰিয়ালক গতাই দিয়ে।
তদন্তকাৰী আৰক্ষী বিষয়াসকলে প্ৰথমে হত্যাৰ সন্দেহ কৰে। মৃতকৰ মূৰ আৰু বুকুত আছে চোকা অস্ত্ৰৰ আঘাতৰ চিন। আৰক্ষীয়ে সন্দেহ কৰিছে যে দুষ্কৃতিকাৰীয়ে নিৰঞ্জনক আন স্থানত হত্যা কৰিছিল আৰু প্ৰমাণ নষ্ট কৰিবলৈ তেওঁৰ মৃতদেহটো ড্ৰামত ভৰাই নিশা এই নলাত পেলাই দিছিল।
উল্লেখযোগ্য যে শেহতীয়াকৈ বাংলাদেশৰ মৌলবীবজাৰতো এজন হিন্দু চিকিৎসক আৰু তেওঁৰ পিতৃৰ অস্বাভাৱিক আৰু ৰহস্যজনক মৃত্যুৰ বাতৰি পোহৰলৈ আহিছিল।
বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ বিৰুদ্ধে চলি থকা হিংসা আৰু নিৰ্যাতনৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি বাংলাদেশ ৰাষ্ট্ৰীয় হিন্দু মহাসংঘৰ সাধাৰণ সম্পাদক পলাশ কান্তি দেয়ে বিষয়টোৰ ওপৰত নিৰপেক্ষ ন্যায়িক তদন্তৰ দাবী জনাইছে। সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰতো তেওঁ উদ্বেগ প্ৰকাশ কৰে।


