বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নিজৰ দেশলৈ উভতি অহা সন্দৰ্ভত এক ডাঙৰ মন্তব্য আগবঢ়াইছে। ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যাব বুলি উল্লেখ কৰিছে হাছিনাই। হাছিনাৰ মতে গ্ৰেপ্তাৰ, জীৱনৰ ভাবুকি, নিৰ্যাতনৰ কোনো ভয় নাই আৰু যিকোনো বিনিময়ত নিজৰ দেশলৈ উভতি যাব বিচাৰে।
ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ অন্তত ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশ এৰি ভাৰতলৈ পলাই আহিছিল হাছিনা। তেতিয়াৰ পৰাই ভাৰতত বসবাস কৰি আছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
হাছিনাই উল্লেখ কৰে যে বাংলাদেশলৈ ঘূৰি অহাটো তেওঁৰ দায়িত্ব আৰু বৰ্তমানৰ চৰকাৰৰ ভয়ত তেওঁ পিছুৱাই নাথাকে। তেওঁৰ এই বক্তব্যৰ পিছৰে পৰা বাংলাদেশৰ ৰাজনীতি আৰু ভাৰত-বাংলাদেশৰ সম্পৰ্কক লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা।
ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞতা
শ্বেখ হাছিনাই তেওঁৰ কঠিন সময়ত তেওঁক আশ্ৰয় দিয়াৰ বাবে ভাৰত চৰকাৰ, ভাৰতীয় জনসাধাৰণ আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ১৯৭৫ চনৰ ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতে তেতিয়াও তেওঁক আৰু তেওঁৰ পৰিয়ালক সহায় কৰিছিল।
উল্লেখ্য যে ১৯৭৫ চনত বাংলাদেশত সামৰিক অভ্যুত্থানৰ সময়ত তেওঁৰ পিতৃ তথা বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানক হত্যা কৰা হৈছিল। হাছিনাৰ মাতৃ, তেওঁৰ তিনিজন ভাতৃ আৰু পৰিয়ালৰ আন কেইবাজনো সদস্যও এই ঘটনাত নিহত হৈছিল। তাৰ পিছত শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নীয়ে ভাৰতত আশ্ৰয় লৈছিল।


