ঘোষণা হ’ল ২০২৭ এদিনীয়া বিশ্বকাপৰ সূচী; গ্ৰুপ পৰ্যায়তে মুখামুখি হ’ব ভাৰত-পাকিস্তান

Published:

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ঘোষণা কৰিলে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ সূচী। কেপ টাউনৰ জেইটজ মিউজিয়াম অৱ কন্টেম্পৰেৰী আৰ্ট আফ্ৰিকাত অনুষ্ঠিত হৈছে বিশ্বকাপৰ সূচী মুকলি অনুষ্ঠান।

একেটা গ্ৰুপতে ভাৰত আৰু পাকিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে ১২টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ এ’ত ভাৰত আৰু পাকিস্তানৰ লগতে অষ্ট্ৰেলিয়া, আফগানিস্তান, জিম্বাব’ৱে, আৰু কোৱালিফায়াৰ এৰ দলটো অন্তৰ্ভুক্ত কৰা হৈছে।

আনহাতে গ্ৰুপ বি’ত আছে বাংলাদেশ, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, নিউজিলেণ্ড, আৰু কোৱালিফায়াৰ বি।

ভাৰতে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৭ অক্টোবৰত আৰম্ভ কৰিব বিশ্বকাপৰ অভিযান। ১০ অক্টোবৰত চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰত। ১৪ অক্টোবৰত আফগানিস্তান, ১৭ অক্টোবৰত কোৱালিফায়াৰ এ’ৰ বিৰুদ্ধে আৰু ২৪ অক্টোবৰত জিম্বাব’ৱেৰ বিৰুদ্ধে খেলিব ভাৰতে।

উল্লেখ্য যে, ২০২৭ এদিনীয়া বিশ্বকাপ দক্ষিণ আফ্ৰিকা, জিম্বাব’ৱে আৰু নামিবিয়াৰ মুঠ ১২টা স্থানত অনুষ্ঠিত হ’ব। ২০২৭ চনৰ বিশ্বকাপৰ আৰম্ভণিতে ১৪টা দলৰ ভিতৰত সৰ্বনিম্ন ৰেংকিঙৰ তিনিটা দলৰ মাজত ছুপাৰ ছিৰিজ অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ছটাকৈ দলৰ দুটা গ্ৰুপৰ মাজত অনুষ্ঠিত হ’ব মেচ, তাৰ পিছত ছুপাৰ ৭ পৰ্যায়, ছেমি ফাইনেল, আৰু ফাইনেল অনুষ্ঠিত হ’ব।

POPULAR

RECENT ARTICLES

spot_img