অন্ত পৰিল অভিষেকৰ আধিপত্য; টি-২০ ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হ’ল ঈষান কিষাণ

Published:

প্ৰত্যাৱৰ্তনৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই অহাৰ পুৰস্কাৰ লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ বেটাৰ ঈষান কিষাণে। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে (আইচিচি) প্ৰকাশ কৰা টি-২০ বেটাৰৰ ৰেংকিঙত অভূতপূৰ্ব সফলতা লাভ কৰি শীৰ্ষস্থানত অধিষ্ঠিত হ’ল ঈষান কিষাণ।

দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈ থকা ভাৰতৰে অপেনিং বেটাৰ অভিষেক শৰ্মাক চেৰ পেলাই শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ঈষান কিষাণে। শেহতীয়া ৰেংকিং অনুসৰি অভিষেক শৰ্মা অৱনমিত হ’ল দ্বিতীয় স্থানলৈ। ঈষানৰ ৰেটিং হ’ল ৮৭৬, আনহাতে অভিষেক শৰ্মাৰ ৰেটিং ৮৬৯।

৮৪৮ ৰেটিঙৰ সহায়ত ৰেংকিঙৰ তৃতীয় স্থানত আছে পাকিস্তানৰ ছাহিবজাদা ফাৰহান। ৭৯২ ৰেটিঙৰ সহায়ত চতুৰ্থ স্থানত আছে ইংলেণ্ডৰ ফিল্ট ছল্ট আৰু পঞ্চম স্থানত আছে শ্ৰীলংকাৰ পথুন নিশাংকা। নিশাংকাৰ ৰেটিং হৈছে ৭৫১।

আনহাতে সপ্তম স্থানৰ পৰা অষ্টম স্থানলৈ অৱনমিত হৈছে ভাৰতীয় টি-২০ দলৰ প্ৰাক্তন অধিনায়ক সূৰ্যকুমাৰ যাদৱ। আই চি চিয়ে প্ৰকাশ কৰা টি-২০ বেটিং ৰেংকিঙৰ শীৰ্ষ ১০ত আছে ৪ ভাৰতীয় ক্ৰিকেটাৰ। তালিকাৰ ষষ্ঠ স্থানত আছে তিলক বাৰ্মা।

ইফালে টি-২০ বলিং ৰেংকিঙৰ শীৰ্ষ ১০ত আছে দুগৰাকী ভাৰতীয় বলাৰ। বৰুণ চক্ৰৱৰ্তী তৃতীয় স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে যশপ্ৰীত বুমৰাহ আছে ষষ্ঠ স্থানত।

POPULAR

RECENT ARTICLES

spot_img