ড্ৰ ৰূপে সমাপ্ত হ’ল কলম্বো টেষ্ট। ঘৰুৱা দল শ্ৰীলংকাই ৯টা উইকেটৰ বিনিময়ত ৪২৯ ৰান সংগ্ৰহ কৰাৰ পিছতে দ্বিতীয় ইনিংছ ঘোষণা কৰাত ড্ৰ ৰূপে সমাপ্ত হ’ল টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন মেচ। মেচৰ চতুৰ্থ দিনৰ অন্তত ভাৰতৰ জয় নিশ্চিত বুলি ধৰি লোৱা হৈছিল যদিও অন্তিম দিনটোত সলনি হৈ পৰিল মেচখনৰ দৃশ্যপট।
ভাৰতীয় বলাৰ তথা জয়ৰ সন্মুখত প্ৰাচীৰ হৈ থিয় দিলে শ্ৰীলংকাৰ বাঁওহতীয়া বেটাৰ সোনল দিনুষা। দ্বিতীয় ইনিংছত তেওঁৰ চমকপ্ৰদ শতকীয় ইনিংছে ভাৰতৰ পৰা কাঢ়ি নিলে মেচখন। মেচখনৰ পঞ্চমটো দিনত শ্ৰীলংকাৰ বেটাৰে ক্ৰিকেট যে অনিশ্চয়তাৰ খেল সেয়া পুনৰ এবাৰ প্ৰমাণ কৰি দিলে।
মেচখনত সোনলে দুয়োটা ইনিংছতে শতকীয় ইনিংছ খেলি এক বিশেষ কৃতিত্বৰ অধিকাৰী হয়। প্ৰথম ইনিংছত ৭ নম্বৰত বেটিং কৰিবলৈ অহা সোনলে ৮টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ১০৩ ৰান সংগ্ৰহ কৰিছিল। সুন্দৰ ফৰ্মৰ ধাৰাবাহিকতা অব্যাহত ৰাখি সোনলে দ্বিতীয় ইনিংছতো খেলে শতকীয় ইনিংছ। দ্বিতীয় ইনিংছত ৬ নম্বৰত বেট ধৰিবলৈ আহি ২৬৪টা বলৰ মুখামুখি হৈ ৮টা চাৰি আৰু দুটা ছয়ৰ সহায়ত ১৩৩ৰানৰ অপৰাজিত ইনিংছ খেলে।
উল্লেখ্য যে, মেচখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেট ধৰি ৯ উইকেটৰ বিনিময়ত ৫০৩ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ হৈ দেৱদত্ত পাড়িকল্ল আৰু ধ্ৰুৱ জুৰেলে খেলিছিল শতকীয় ইনিংছ।
প্ৰথম ইনিংছত ভাৰতৰ বিশাল স্ক’ৰৰ বিপৰীতে শ্ৰীলংকা দলে প্ৰথম ইনিংছত ২৯০ ৰানতে অলআউট হয়। ২১৩ ৰানত পিছ পৰি থকা শ্ৰীলংকা দলক ফলোঅন প্ৰদান কৰি দ্বিতীয় ইনিংছৰ বাবে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। দ্বিতীয় ইনিংছত শ্ৰীলংকা দলটোৱে দৃঢ়তাৰে বেটিং কৰি ৯ উইকেট হেৰুৱাই ৪২৯ ৰান সংগ্ৰহ কৰে।
খেলখনৰ পঞ্চম দিনটো অলৌকিকতাৰ পৰা কোনো গুণে কম নাছিল। চতুৰ্থ দিনৰ শেষত শ্ৰীলংকাই ৬ উইকেট হেৰুৱাই ২২৯ ৰান সংগ্ৰহ কৰিছিল। দলটোৰ অগ্ৰগতি আছিল মাত্ৰ ১৬ ৰান। ইয়াৰ ফলত ভাৰতীয় দলটোৱে সহজেই জয়ী হ’ব বুলি অনুমান কৰা হৈছিল।
ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীসকলে অনুমান কৰিছিল যে পঞ্চম দিনৰ প্ৰথম ছেছনতে শ্ৰীলংকা অল আউট হ’ব। টিম ইণ্ডিয়াই ১০০ ৰানতকৈও কম টাৰ্গেট লাভ কৰিব, কিন্তু ইয়াৰ বিপৰীত দৃশ্যহে দেখা গ’ল অন্তিমটো দিনত।
পঞ্চম দিনা শ্ৰীলংকাই ২০০ ৰান সংগ্ৰহ কৰি মাত্ৰ তিনিটা উইকেট হেৰুৱাইছিল। ছয় উইকেট হেৰুৱাই শ্ৰীলংকাৰ লোৱাৰ অৰ্ডাৰ বেটছমেনে ক্ৰীজত ৯০ অভাৰ কটায়। অন্তিম দিনটোত ভাৰতীয় বলাৰৰ প্ৰদৰ্শন আছিল অত্যন্ত নিম্নমানৰ। মাত্ৰ চাৰিটা উইকেট দখল কৰাত ব্যৰ্থ হ’ল ভাৰতীয় বলাৰ। আৰু এইদৰে জয়ী হ’বলগীয়া এখন মেচ সমাপ্ত হয় ড্ৰ ৰূপে।


