ভাৰতলৈ উভতি আহিব আই পি এলৰ প্ৰতিষ্ঠাপক তথা প্ৰথমগৰাকী অধ্যক্ষ ললিত মোদী। এই কথা তেওঁ নিজেই ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ললিত মোদীয়ে এক ভিডিঅ’ বাৰ্তাত কয় যে ১৬ বছৰীয়া পুৰণি ফেমা গোচৰত লাভ কৰা সকাহক লৈ তেওঁ সুখী আৰু ভাৰতলৈ ঘূৰি আহিবলৈও উৎফুল্লিত।
মন কৰিবলগীয়া যে ২০০৯ চনত তেওঁ স্মাগলাৰ্ছ এণ্ড ফৰেন এক্সচেঞ্জ মেনুপুলেটৰ্ছ আইনৰ অধীনত এটা গোচৰৰ সন্মুখীন হৈছিল। এই গোচৰতে ২০১৮ চনত প্ৰৱৰ্তনকাৰী সঞ্চালকালয়ে (ইডি) তেওঁক জৰিমনা বিহিছিল। এতিয়া এপীলেট ন্যায়াধিকৰণে ইডিৰ জৰিমনা খাৰিজ কৰি মোদীক বৃহত সকাহ প্ৰদান কৰে।
ন্যায়াধীকৰণৰ এই ৰায়ৰ পিছতেই উৎফুল্লিত হৈ পৰা ললিত মোদীয়ে কয়, ‘মই বহুত আনন্দিত। ১৬ বছৰ ধৰি মই যি কৈ আহিছিলো সেয়াই সত্য প্ৰমাণিত হ’ল। মই কেৱল আই পি এলৰ স্বাৰ্থ আৰু ভৱিষ্যতৰ কথাহে চিন্তা কৰিছিলো। এতিয়া এই বিষয়টো অন্ত পৰিল আৰু এতিয়া মই মোৰ জীৱনটো আগুৱাই নিব বিচাৰিছো।’
তেওঁ লগতে কয় যে চলিত বছৰৰ শেষৰ ফালে বা অহা বছৰৰ আৰম্ভণিতে তেওঁ ভাৰতলৈ ঘূৰি আহিব পাৰে। আৰু কয় যে তেওঁৰ কন্যাই অক্টোবৰ মাহত সন্তান জন্ম দিব, আৰু প্ৰথম নাতিৰ জন্মৰ বাবে অপেক্ষা কৰি আছে। তাৰ পিছত তেওঁ ভাৰতলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে।
উল্লেখ্য যে, স্মাগলাৰ্ছ এণ্ড ফৰেন এক্সচেঞ্জ মেনুপুলেটৰ্ছ ফৰ ফিচাৰ এণ্ড প্ৰপাৰ্টি এক্টৰ অধীনত এপীলেট ন্যায়াধিকৰণে ২০০৯ চনৰ আই পি এল দক্ষিণ আফ্ৰিকা ফেমা গোচৰত ললিত মোদীক সকাহ প্ৰদান কৰিছে।
ন্যায়াধিকৰণে ইডিৰ প্ৰায়বোৰ অভিযোগ আৰু জৰিমনা খাৰিজ কৰে। এই গোচৰ ২০০৯ চনৰ আই পি এল মেচখনৰ সৈতে জড়িত, য’ত ললিত মোদীয়ে আই পি এলৰ মেচসমূহ ভাৰতৰ পৰা দক্ষিণ আফ্ৰিকালৈ স্থানান্তৰিত কৰি বিদেশলৈ অবৈধভাৱে ধন স্থানান্তৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
ইডিয়ে অভিযোগ কৰে যে ললিত মোদীয়ে ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে বিদেশলৈ প্ৰায় ৪৯.৮ মিলিয়ন মাৰ্কিন ডলাৰ ট্ৰেন্সফাৰ কৰিছিল। ব্ৰিটিছ কোম্পানীৰ পৰা ৮৯ কোটি টকা গ্ৰহণ কৰি আৰ্থিক অনিয়ম সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈছিল। ২০১৮ চনত ইডিয়েও এই গোচৰত ললিত মোদীক ১০.৬৫ কোটি টকাৰ জৰিমনা বিহিছিল।
ললিত মোদীৰ বিৰুদ্ধে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। ইডিৰ এই কঠোৰ পদক্ষেপ আৰু গোচৰৰ পিছত ২০১০ চনত ললিত মোদীয়ে ভাৰতৰ পৰা পলায়ন কৰে। ২০১৩ চনত বিচিচিআইয়ে তেওঁৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰে।


