ইমৰান খানৰ মৃত্যুৰ খবৰত পাকিস্তানত হাহাকাৰ! সাংবাদিকৰ চাঞ্চল্যকৰ দাবীৰ পিছতেই PTIৰ প্ৰতিক্ৰিয়া

Published:

দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মৃত্যু ঘটিছে। এই চাঞ্চল্যকৰ দাবী কৰিছে পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক বজাহত এছ খানে। পাকিস্তান চৰকাৰ আৰু সেনাৰ সূত্ৰৰ উদ্ধৃতিৰে তেওঁ এই দাবী কৰিছে।

সাংবাদিকগৰাকীৰ এই দাবীৰ পিছতেই মঙলবাৰে পাকিস্তান তেহৰিক-এ-ইনছাফ (পিটিআই)ৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে দলটোৰ প্ৰতিষ্ঠাপক ইমৰান খানৰ স্বাস্থ্য সন্দৰ্ভত আহি থকা খবৰবোৰ যথেষ্ট উদ্বেগজনক আৰু ইয়েই সমগ্ৰ দেশৰ জনসাধাৰণক শংকিত কৰি তুলিছে।

দলটোৱে লগতে ইমৰান খানক সাক্ষাত কৰাৰ অনুমতি প্ৰদান কৰিব লাগে বুলিও চৰকাৰৰ ওচৰত দাবী জনায়। পিটিআইৰ চেণ্ট্ৰেল মিডিয়া ডিপাৰ্টমেণ্টে এক্সযোগে এটা প’ষ্টত কয় যে ইমৰান খানৰ স্বাস্থ্য সন্দৰ্ভত আহি থকা ‘চাঞ্চল্যকৰ খবৰে’ ‘সমগ্ৰ দেশতে গভীৰ চিন্তা আৰু উদ্বেগ’ৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ইমৰান খানৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি আৰু সাক্ষাত কৰিব নিদিয়া বিষয়টোৱে ইতিমধ্যে দেশখনত সময়ে সময়ে তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ বিষয়বস্তু হৈ আহিছে। ইয়াৰ মাজতে শেহতীয়াকৈ সাংবাদিকগৰাকীৰ চাঞ্চল্যকৰ মৃত্যুৰ দাবীয়ে পুনৰ ইমৰান খানৰ দল আৰু সমৰ্থকক গভীৰ চিন্তাৰ মাজলৈ ঠেলি দিছে।

উল্লেখ্য যে, ২০২৩ চনৰ আগষ্ট মাহৰ পৰা কাৰাবন্দী হৈ থকা ইমৰান খান সম্প্ৰতি ১৯০ মিলিয়ন পাউণ্ডৰ ভ্ৰষ্টাচাৰ গোচৰত আদিয়ালা জেইলত বন্দী হৈ আছে।

পিটিআইৰ বিবৃতিটোত আৰু কয়, ‘চৰকাৰে মনত ৰখা উচিত যে ইমৰান খান এজন সাধাৰণ ৰাজনৈতিক কৰ্মী নহয় বৰঞ্চ লাখ লাখ পাকিস্তানীৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰিয় ৰাজনৈতিক নেতা। তেওঁৰ স্বাস্থ্য সন্দৰ্ভত জনসাধাৰণক আস্থাত লোৱাটো চৰকাৰৰ দায়িত্ব।’

POPULAR

RECENT ARTICLES

spot_img