আজিৰ পৰা আৰম্ভ হৈছে পুৰীৰ ঐতিহাসিক ৰথ যাত্ৰা। লাখ-লাখ ভক্তৰ সমাগম হোৱা এই ৰথ যাত্ৰাৰ সময়তে সংঘটিত এক অবাঞ্চিত ঘটনাত দুজন ভক্তৰ মৃত্যু হৈছে। জানিব পৰা অনুসৰি, শ্বাস প্ৰশ্বাস বন্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় এজন যুৱকৰ।
নিউজ এজেন্সি পিটিআইৰ প্ৰতিবেদন অনুসৰি অসংখ্য ভক্তৰ সমাগম হোৱাৰ বাবে বহু ভক্ত অচেতন হৈ পৰে। লগে লগে প্ৰশাসনৰ লোকে আহত লোকসকলক সমীপৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।
অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা জনোৱা অনুসৰি এই ঘটনা কোনো ধৰণৰ ঠেলা-হেঁচাৰ বাবে সংঘটিত হোৱা নাই, কেৱল ভক্তৰ সমাগম অধিক হোৱা বাবে কিছু লোকৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা হয়।
মৃত যুৱকজন কিউঝৰৰ অনিল দাস বুলি চিনাক্ত কৰা হৈছে। যুৱকজন ঢলি পৰাৰ পিছতেই লগে লগে তেওঁক পুৰীৰ মুখ্য জিলা হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
উল্লেখ্য যে, ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেবী সুভদ্ৰাৰ ৰথ যাত্ৰা চাবলৈ গ্ৰেণ্ড ৰোডত অজস্ৰ ভক্তৰ সমাগম হৈছিল আৰু সেই সময়তে এই কৰুণ ঘটনাটো সংঘটিত হয়।
ওড়িশাৰ আৰক্ষী সঞ্চালক প্ৰধান ৱাই বি খুৰাণিয়াই কয় যে পুৰীত বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে, এই উৎসৱৰ বাবে ১৯ জন আই পি এছ বিষয়া আৰু প্ৰায় ১৩ হাজাৰ আন আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে চি আৰ পি এফ, বি এছ এছ, আৰ এ এফকে ধৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ১৫টা কোম্পানীক নিয়োগ কৰা হৈছে।


